Breaking News

কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ বিজেপি চৰকাৰক সমালোচনা

 


ডিজিটেল ডেস্ক: 
শুক্ৰবাৰে সন্ধিয়া ভাৰত জড়ো যাত্ৰা দিল্লীৰ লাল কিল্লাত উপস্থিত হৈ ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰক সমালোচনা কৰি নিজৰ মন্তব্যত  কয় যে  বিজেপি চৰকাৰে ২৪ ঘন্টাই হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিছে ।গান্ধীয়ে কয় যে মই ২,৮০০  কিলোমিটাৰ খোজকাঢ়িলো কিন্তু কোনো বিভেদ দেখা নাপালো কিন্তু যেতিয়া মই টিভি চাওঁ তেতিয়া মই হিংসাত্মক ঘটনা দেখা পাওঁ।গান্ধীয়ে কয় যে চৰকাৰ খন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নহয় বৰং আম্বানি আৰু আদানিৰহে।আৰু লগতে কংগ্ৰেছ নেতা পৱন খেৰাই আশ্ৰম চ'কত সাংবাদিকৰ আগত জানিব দিয়ে যে বিজেপি চৰকাৰে ক'ভিডৰ নামত ৰাজনীতিৰ খেল  বন্ধ কৰিব লাগে আৰু ভাৰত জড়ো যাত্ৰা বন্ধ কৰিবলৈ চলোৱা চেষ্টা বন্ধ কৰিব লাগে ।

No comments