Breaking News

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী থোৰতে এন আৰ চি উন্নীতকৰণ ৰ নামত বিভিন্ন কেলেংকাৰী


ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী থোৰতে এন আৰ চি উন্নীতকৰণ ৰ নামত বিভিন্ন কেলেংকাৰী হোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে..কিন্তু এইক্ষেত্ৰত সঠিক পৰিকল্পনাৰ অভাৱ ধৰা পেলাইছে কেগে।এন আৰ চি কৰ্তৃপক্ষই মূল ছফটৱেৰ ইউটিলিজি সমূহৰ জধে মধে যোগ দিছিল।এইসমূহ ছফটৱেৰ বিকাশৰ উপযুক্ত প্ৰক্ৰিয়া অনুসৰণ নকৰাকৈ বা ৰাষ্ট্ৰীয় নিবিদা অনুসৰণ কৰি যোগ্যতা মূল্যায়নৰ জৰিয়তে বিক্ৰেতা বাছনি হোৱা নাছিল মূলতঃ লুণ্ঠনৰ লক্ষ্য আগত ৰাখি এই অনিয়ম সংগঠিত কৰিছিল কৰ্তৃপক্ষই। এন আৰ চি ৰ তথ্য সংগ্ৰহ আৰু সংশোধনৰ বাবে ছফ ট ৱেৰ আৰু ইউ টি লি টি সমূহৰ ব্যৱহাৰৰ হিচাপ পৰীক্ষাৰ সুৰুঙাৰ বন্ধ কৰিছিল...কেগৰ প্ৰতিবেদনত নেচাৰ্চ উইপ্ৰ লিমিটেড নামৰ ছিষ্টেম ইণ্ট্ৰিগেটৰ কোম্পানীটোৱে সংঘটিত কৰা দুৰ্নীতি অনীয়মো পোহৰলৈ আহিছে । এন আৰ চিত নিয়োজিত ডাটা অপাৰেটৰ সকলক কম মজুৰি আদাই দি এই কোম্পাীটোৱে বহু সংখ্যক ধন ব্যয় হোৱা দেখুৱাই লুণ্ঠন চলাই আহিছে। কেগৰ প্ৰতিবেদন প্ৰকাশ পোৱা ৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এন আৰ চি ৰ বিসংগতি সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰে।ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী থোৰতে এন আৰ চি উন্নীতকৰণ ৰ নামত বিভিন্ন কেলেংকাৰী হোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে....

No comments