Breaking News

আজি ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত অনুষ্ঠিত ডঃ বাণীকান্ত কাকতি বটা প্ৰদান অনুষ্ঠান


ডিজিটেল সংবাদ , ধুবুৰীঃ
 অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ জ্ঞান অন্বেষণৰ যাত্ৰা সুগম কৰি তোলাৰ উদেশ্যৰে গ্ৰহণ কৰা এক উল্লেখযোগ্য পদক্ষেপ হৈছে প্ৰজ্ঞান ভাৰতী আঁচনি৷ এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকললৈ ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে৷ ধুবুৰী জিলা আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত আনুষ্ঠানিকভাৱে ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ আজি শুভাৰম্ভ কৰা হৈছে৷ আজি ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত অনুষ্ঠিত  ডঃ বাণীকান্ত কাকতি বটা প্ৰদান অনুষ্ঠানত  ডঃ বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰা শিক্ষাৰ্থীসকলক আনুষ্ঠানিক ভাৱে একোখনকৈ স্কুটাৰ  প্ৰদান কৰা হয় ।বটা প্ৰদান কৰে ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । উপস্থিত থাকে ধুবুৰী জিলা উপায়ুক্ত , তিনি গৰাকী বিধায়ক , মহাবিদ্যালয় খনৰ অধ্যক্ষ্য প্ৰবক্তাৰ লগতে বহু বিশিষ্ট ব্যাক্তি ।ধুবুৰী জিলাৰ মুঠ ৮৮৬ গৰাকী শিক্ষাৰ্থী এই বঁটাৰ বাবে যোগ্য বিবেচিত হৈছে৷ ইয়াৰে ৭১৯ গৰাকী ছাত্ৰ আৰু ১৬৭ গৰাকী ছাত্ৰী৷ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মুঠ ৩২৭ গৰাকী শিক্ষাৰ্থী এই বঁটাৰ বাবে যোগ্য বিবেচিত হৈছে৷ ইয়াৰে ৩১২ গৰাকী ছাত্ৰী আৰু ১৫ গৰাকী ছাত্ৰ৷ আজি এই অনুষ্ঠানত মুঠ ১৩ গৰাকী ছাত্ৰীক আনুষ্ঠানিকভাৱে স্কুটাৰ বিতৰণ কৰা হৈছে৷ তেওঁলোকৰ ভিতৰত ধুবুৰী জিলাৰ ১০ গৰাকী আৰু দক্ষিণ শালমৰা-মানকাচৰ জিলাৰ ৩ গৰাকী৷  বাকীসকলক পৰ্যায়ক্ৰমে স্কুটাৰসমূহ দিয়া হ'ব৷

No comments