Breaking News

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিশু সৌন্দৰ্য প্ৰতিযোগিতাত উজ্বলিবলৈ সক্ষম হৈছে গোলাঘাটৰ ৰিমঝীম হুছেইন বৰুৱা।যোৱা


ডিজিটেল সংবাদ, মেৰাপানীঃ 
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিশু সৌন্দৰ্য প্ৰতিযোগিতাত উজ্বলিবলৈ সক্ষম হৈছে গোলাঘাটৰ ৰিমঝীম হুছেইন বৰুৱা।যোৱা ৩,৪ আৰু ৫ ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শিশু সৌন্দৰ্য প্ৰতিযোগিতাত অসমৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা গোলাঘাটৰ বামবৰাহী গাঁৱৰ বিকাশ হুছেইন বৰুৱা আৰু আছিফা বেগমৰ একমাত্ৰ কন্যা ৰিমঝীম হুছেইনে(ছয়) বিজয়ী মুকুট পিন্ধি অসমৰ লগতে গোলাঘাট জিলা খনলৈ সু-নাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে গোলাঘাট কলাক্ষেত্ৰত মণিকাঞ্চন কলা নিকেতনে আয়োজন কৰা শিশু সৌন্দৰ্য প্ৰতিযোগিতাত ফাষ্ট ৰানাৰ্চ আপ হৈ সৌন্দৰ্য প্ৰতিযোগিতাৰ জগতখনত প্ৰথম যাত্ৰাৰ খোজ দি পাছত গোলাঘাট নৰ্থ ইষ্ট বিজয়ী খিতাপ, যোৰহাট ফাষ্ট ৰানাৰ্চ আপ, ডিব্ৰুগড় ব্ৰেণ্ড এম্বেচাদৰ খিতাপ আজুৰি আনিবলৈ সক্ষম হৈছিল। ৰিমঝীমৰ এই সফলতাই গাওঁ খনৰ লগতে অঞ্চলটোলৈ আনন্দৰ বন্যা বোৱাই আনিছে।


No comments