Breaking News

বিশ্বনাথ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ, দুজনক আটক


ডিজিটেল সংবাদ , বিহালীঃ
 বিশ্বনাথ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ, দুজনক আটক মংগলবাৰে বিশ্বনাথ জিলাৰ বিহালী  আৰক্ষী  আৰু বৰগাং আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমানৰ অৰুণাচলী সুৰা । প্ৰথম অৱস্থাত আৰক্ষীৰ চকুত ধুলি দি সুৰা ভৰ্তি ট্ৰাক খনৰ চালকে পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে গাড়ীখন খেদি খেদি যোৰহাটৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় । অৰুণাচলী সুৰা সৰবৰাহকাৰী দলটোৱে অতি কৌশলেৰে ধানৰ বস্তা আৰু তুঁহৰ বস্তাৰ মাজত সুৰাৰ কাৰ্টুন সমুহ সৰবৰাহৰ চেষ্টা চলাইছিল । অভিযানত ট্ৰাকখনৰ পৰা ৬২০ কাৰ্টুন বিভিন্ন আকাৰৰ সুৰা জব্দ কৰে আৰক্ষীয়ে । আৰক্ষীৰ অভিযানকাৰী দলটোৱে জব্দ কৰা ট্ৰাকখনত NL 02 N 6147 নাম্বাৰ প্লেট লগাই থোৱা আছিল যদিও AS 01 DC 0929 নাম্বাৰৰ আন এখন নম্বৰ প্লেট আৰক্ষীয়ে জব্দ কৰিছে । আৰক্ষীয়ে এই বৃহৎ পৰিমানৰ অবৈধ সুৰাখিনিৰ লগতে আটক কৰা‌ লোক দুজন ক্ৰমে বিপ্লৱ সিং আৰু বাপী দাস ।  উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি বিশ্বনাথ জিলা আৰক্ষীয়ে অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে  । ট্ৰাকখনত জব্দ কৰা  সুৰা সমূহৰ মূল্য  প্ৰায় ১৮ লাখ টকা বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক নবীন সিঙে ।


No comments