Breaking News

তামুলপুৰ ৰাজহ চক্ৰত ভূমিৰ প্ৰমাণ পত্ৰ প্ৰদান মেলা আৰম্ভ

 


ডিজিটেল সংবাদ , তামুলপুৰঃ তামুলপুৰ ৰাজহ চক্ৰত ভূমিৰ প্ৰমাণ পত্ৰ প্ৰদান মেলা আৰম্ভ  তামুলপুৰ জিলাৰ অন্তৰ্গত তামুলপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত সোমবাৰৰ পৰা ১১ দিনীয়াকৈ ভূমিৰ প্ৰমাণ পত্ৰ প্ৰদান মেলা আৰম্ভ হয় । ভূমিৰ প্ৰমাণ পত্ৰ প্ৰদান মেলাখন আনুষ্ঠানিক ভাৱে মুকলি কৰে বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে। তামুলপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কোকিলা গগৈৰ উপস্থিতিত তামুলপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা উক্ত মেলাখন শুভ উদ্বোধন কৰি কাৰ্যবাহী সদস্য গৰাকীয়ে কয়--- বিটিআৰৰ ৰাইজৰ অধিকাৰ সুৰক্ষিত কৰা আৰু জনসাধাৰণক শক্তিশালী কৰাৰ উদ্দেশ্যে পোন প্ৰথমবাৰৰ বাবে বি.টি.আৰ. চৰকাৰে এক অভিলাষী পদক্ষেপ  "বি.টি.আৰ. ভূমি মেলা'' ৰাইজৰ বাবে গ্ৰহণ কৰিছে। সেয়ে বি.টি.আৰ. তথা তামুলপুৰবাসী জনসাধাৰণক ১২ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰৰ ভিতৰত ভূমি মেলাৰ সুযোগ গ্ৰহণ কৰি লাভান্বিত হোৱাৰ বাবে তেওঁ  আহ্বান জনায়। কাৰ্যবাহী সদস্য গৰাকীয়ে পুনৰ কয়-- ভূমি মেলাৰ জৰিয়তে ৰাইজে একচনা পট্টাৰ পৰা ম্যাদী পট্টালৈ পৰিৱৰ্তন (বিক্ৰী নোহোৱা বা হস্তান্তৰ নোহোৱা মাটিৰ বাবে ),উত্তৰাধিকাৰী সূত্ৰে নামজাৰী,আৱণ্টিত মাটি/এম এন পি আবণ্টিত ম্যাদী পট্টা প্ৰদান, মাটি থকাৰ প্ৰমাণ পত্ৰ ,চিঠাৰ প্ৰমাণিত প্ৰতিলিপি আৰু জমাবন্দীৰ প্ৰমাণিত প্ৰতিলিপি -- এইবোৰ গ্ৰহণ কৰিব পাৰিব।উক্ত ভূমিৰ প্ৰমাণ পত্ৰ প্ৰদান মেলাত তামুলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ওৱাহেদুৰ ৰহমান, তামুলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পূৱ বাক্সা ,কুমাৰীকাটা আৰু ডেফেলী মৌজাৰ তিনি গৰাকী মৌজাদাৰ,স্থানীয় গাওঁ বুঢ়া সকল,জ্যেষ্ঠ নাগৰিক,তামুলপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল প্ৰমুখ্যে বিষয়া কৰ্মচাৰী আৰু বহু সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।



No comments