Breaking News

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ভাৰ্চুৱেল ব্যৱস্থাৰে 'অৰুনোদই ২.০' আঁচনিখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ।

 


ডিজিটেল সংবাদ , গোলাঘাটঃ
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ভাৰ্চুৱেল ব্যৱস্থাৰে 'অৰুনোদই ২.০' আঁচনিখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে । বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ, গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত, খুমটাই সমষ্টিৰ বিধায়ক শ্ৰীযুত মৃণাল শইকীয়া, সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়া তথা ভালেমান বিশিষ্ট ব্যক্তিয়ে গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা এই ভাৰ্চুৱেল কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।মুখ্যমন্ত্ৰীৰ ভাৰ্চুৱেল বৈঠকৰ পিছতেই উপস্থিত সকলোৰে সৈতে গোলাঘাট জিলাত আচঁনিখনৰ সফল ৰূপায়ন সন্দৰ্ভত বিত্তমন্ত্ৰী আৰু অভিভাৱক মন্ত্ৰীগৰাকীয়ে এক আলোচনাত মিলিত হয় । ইয়াৰ পিছতেই বিত্তমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰে । তেওঁ সংবাদমেলত দিয়া কেতবোৰ তথ্য উল্লেখ কৰা হ'ল

✅এই আঁচনিখনৰ অধীনত ৰাজ্যৰ ১০.৫৪ লাখ হিতাধিকাৰীক নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব । ইয়াৰ ফলত মুঠ হিতাধিকাৰীৰ সংখ্যা ২৭ লাখলৈ বৃদ্ধি পাব ।

✅প্ৰতি মাহৰ ১০ তাৰিখে তেওঁলোকৰ একাউণ্টত ১,২৫০/- টকাকৈ জমা হ'ব । ইয়াৰ বাবে ৰাজকোষৰ মাহিলী ব্যয় হ'ব ৩৪৫ কোটি টকা ।

✅প্ৰথম অৱস্থাত ২০ লাখ পৰিয়ালক ইয়াৰ অধীনত সামৰি লোৱা হৈছিল । পৰৱৰ্তী সময়ত ৰাজ্যজুৰি জৰীপ কৰা হয় আৰু ২.৭৫ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হয় । বহু হিতাধিকাৰীৰ মৃত্যু হোৱা, কিছুমানৰ চৰকাৰী চাকৰি হোৱা, কাৰোবাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰা দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ নাম উন্নীত হোৱা আদি বিভিন্ন কাৰণত নাম কৰ্তন কৰা হয় । 

✅যোৱা বাজেটত কৰা ঘোষণা অনুসৰি এই পৰ্যায়ত নতুন নামসমূহ অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে ।

✅এইবাৰ নাম অন্তৰ্ভুক্তি আৰু কৰ্তনৰ মাপকাঠিসমূহৰ ক্ষেত্ৰত কিছু সালসলনি ঘটোৱা হৈছে ।

✅অন্তৰ্ভুক্তিৰ অগ্ৰাধিকাৰ মাপকাঠিত ৰখা হৈছে বিধৱা, বিবাহ বিচ্ছেদ হোৱা, অবিবাহিত বা অকলশৰীয়া মহিলা ।

✅দান-বৰঙণি আদিৰে অৰ্থাৎ আনৰ সহায় লৈ জীয়াই থকা পদপথৰ বাসিন্দা, দিব্যাংগ লোকসকল, তৃতীয় লিংগৰ ব্যক্তি ।

✅ছেৰিব্ৰেল পালছি, থেলাচেমিয়া, হিম'ফেলিয়া, কুষ্ঠ ৰোগ, অটিজ্ম আদিত আক্ৰান্ত লোকসকলক তেওঁলোকৰ বয়স, অৰ্থনৈতিক অৱস্থা নিৰ্বিশেষে এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব ।   

✅আশ্ৰয় নথকা, পকী ঘৰ নথকা পৰিয়াল, চৰকাৰৰ পঞ্জীয়নভুক্ত বৃদ্ধাশ্রমৰ অকলশৰীয়া পুৰুষ, কেও কিছু নোহোৱা অকলশৰীয়া ব্যক্তি আদি ।

✅ মানৱ সৰবৰাহ, ধৰ্ষণৰ বলী হোৱা লোককো পৰিচয় প্ৰকাশ নকৰাকৈ নাম অন্তৰ্ভুক্ত কৰা হ'ব ।

✅ সাংসদ, বিধায়ক, পৌৰসভা, পঞ্চায়তৰ সদস্য, প্ৰতিনিধি, স্বায়ত্ত্ব শাসিত পৰিষদ, ভি চি ডি চিৰ সদস্য, চৰকাৰী চাকৰিয়াল, পেঞ্চনাৰ, চৰকাৰী, অৰ্ধ-চৰকাৰী প্ৰতিষ্ঠান আদিত কাম কৰা লোকে এই আঁচনিৰ সুবিধা নাপাব । 

✅গাঁৱৰ ক্ষেত্ৰত ১৫ বিঘা মাটি থাকিলে, চহৰৰ ক্ষেত্ৰত ৩ কঠা মাটি আৰু কামৰূপ মহানগৰত ডেৰ কঠা মাটি পৰ্যন্ত এইবাৰ এই আঁচনিৰ মাপকাঠিত ৰেহাই দিয়া হৈছে  । 

✅ দুচকীয়া বাহনক কৰ্তনৰ মাপকাঠিৰ পৰা নোহোৱা কৰা হৈছে । অৰ্থাৎ দুচকীয়া বাহন থাকিলেও এই আঁচনিৰ সুবিধা পাব । 

✅ এয়াৰ কণ্ডিছনাৰ থাকিলে নাম অন্তৰ্ভুক্ত নহ'ব । ৰেফ্ৰিজাৰেটৰক নাম কৰ্তনৰ মাপকাঠিৰ পৰা নোহোৱা কৰা হৈছে ।

✅ৰাজ্যৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভ হস্তান্তৰ আঁচনি অৰুনোদই : নেওগ ।  

✅অসমৰ ৩৫ লাখ লোক যাতে উপকৃত হয় তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই লক্ষ্য নিৰ্ধাৰণ কৰিছে : বিত্তমন্ত্ৰী ।  


No comments