Breaking News

ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ভূমিত চৰকাৰে জলাশয় খান্দিব লোৱা সিদ্ধান্তত নলবাৰী চহৰত প্ৰতিক্ৰিয়া বিভিন্ন দল-সংগঠনৰ ।।


ডিজিটেল সংবাদ , নলবাৰীঃ 
ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ভূমিত চৰকাৰে জলাশয় খান্দিব লোৱা সিদ্ধান্তত নলবাৰী চহৰত প্ৰতিক্ৰিয়া বিভিন্ন দল-সংগঠনৰ  ।।ৰাজ্যৰ স্কুল কলেজৰ ভূমিত ৰাজ্য চৰকাৰে জলাশয় খান্দিব লোৱা সিদ্ধান্ত সন্দৰ্ভত নলবাৰী চহৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ দিব্য জ্যোতি হালৈ তথা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী চহৰ সমিতিৰ সাধাৰণ সম্পাদক নৱ জ্যোতি ডেকাৰ । ৰাজ্যৰ শিক্ষানুস্থান সমূহত এতিয়া ৰাজ্য চৰকাৰে মিছন অমৃত সৰোবৰৰ অধীনত জলাশয় খান্দিব নিৰ্দেশ প্ৰদান কৰিছে । এই বিষয় সন্দৰ্ভত আজি নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক দিব্য জ্যোতি হালৈয়ে মন্তব্য কৰাত পৰিলক্ষিত হয় । কংগ্ৰেছী নেতা গৰাকীয়ে ৰাজ্য চৰকাৰে ৰাজ্যৰ শিক্ষানুস্থান সমূহৰ আন্ত:গাঠনি উন্নয়ন কথা বাদ দি অন্য বাহিৰা বিষয় সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰি থকা বুলি অভিযোগ উত্থাপন কৰে । আনহাতে সমান্তৰাল ভাৱে এই বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে যুৱ-ছাত্ৰ পৰিষদ চহৰ সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে 

No comments