Breaking News

শিৱসাগৰৰ নাজিৰাত সম্পূৰ্ণ বিকল হৈ পৰিছে কোটি টকীয়া দুগ্ধ প্ৰকল্প ।


ডিজিটেল সংবাদ, শিৱসাগৰঃ 
শিৱসাগৰৰ নাজিৰা সুন্দৰ পুখুৰীত সম্পূৰ্ণ বিকল হৈ পৰিছে কোটি টকীয়া দুগ্ধ প্ৰকল্প আঢ়ৈ বছৰ ধৰি গাখীৰ যোগানকাৰী সকলক প্ৰাপ্য ধন আদায় নিদিয়াৰ বাবেই দুগ্ধ প্ৰকল্পটো এতিয়া অচল  শিৱসাগৰৰ নাজিৰাত সম্পূৰ্ণ বিকল হৈ পৰিছে কোটি টকীয়া দুগ্ধ প্ৰকল্প । কৰ্ম সংস্থাপন হেৰোওৱাৰ পথত বহু কেইটা পৰিয়াল ।  সুন্দৰ পুখুৰী দুগ্ধ সমবায় সমিতিৰ দ্বাৰা  পৰিচালিত এই প্ৰকল্পটো প্ৰথম অৱস্থাত সুচাৰুৰূপে পৰিচালিত হৈ আহিছিল । যদিও যোৱা প্ৰায় আঢ়ৈ বছৰ ধৰি গাখীৰ যোগানকাৰী সকলক প্ৰাপ্য ধন আদায় নিদিয়াৰ বাবেই  সুন্দৰ পুখুৰী প্ৰাথমিক দুগ্ধ প্ৰকল্পটো এতিয়া বন্ধ হৈ পৰিছে । ২০০৪/০৫ চনতেই স্থাপন হোৱা এই প্ৰকল্পটো এতিয়া প্ৰায় তিনি বছৰ দিন ধৰি অচল হৈ পৰি থকা পৰিলক্ষিত হৈছে । কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই দুগ্ধ প্ৰকল্পটো কিয় এনেদৰে বিকল হৈ পৰিছে ই এতিয়া এটা প্ৰশ্নৰ বিষয়বস্তু হৈ পৰিছে । জানিব পৰামতে নাজিৰাৰ জগদীশ বৰ্মন উপাধিৰ পশু চিকিৎসক এজনৰ লগতে বিভাগীয় কৰ্তৃপক্ষ আৰু জিলা তথা মহকুমা প্ৰশাসনৰ প্ৰচেষ্টাত নিৰ্মাণ হৈছিল এই দুগ্ধ উন্নয়ন প্ৰকল্পটো । এতিয়া কিয় এই কোটি টকীয়া প্ৰকল্প বিকল হৈ পৰিছে । কি উত্তৰ আছে বিভাগীয় কৰ্তৃপক্ষৰ  হাতত ? ইতিমধ্যে শিৱসাগৰ জিলা  প্ৰশাসনে এই দুগ্ধ প্ৰকল্পটোৰ কোটি টকাৰ সা-সৰঞ্জাম সহ সমূদাই অন্য স্থানলৈ হস্তান্তৰ কৰাৰ বাবে যো-জা চলাই থকাৰো গুৰুত্বৰ অভিযুগ উত্থাপন হৈছে ।


No comments