Breaking News

তৰিলে দেশ, মৰিলে স্বৰ্গ সময়ৰ দাবীত নিষ্ক্ৰিয় অৱস্থাত থকা "পূৰ্ব্বাঞ্চলীয় লোক পৰিষদ দল পুনৰ সক্ৰিয়


ডিজিটেল ডেস্কঃ 
তৰিলে দেশ, মৰিলে স্বৰ্গ  সময়ৰ দাবীত নিষ্ক্ৰিয় অৱস্থাত থকা "পূৰ্ব্বাঞ্চলীয় লোক পৰিষদ( পি এল পি)" দল পুনৰ সক্ৰিয় নেতৃত্বত চৰণ ডেকা ২০১০ চনৰ পৰা নিষ্ক্ৰিয় অৱস্থাত থকা "পূৰ্ব্বাঞ্চলীয় লোক পৰিষদ( পি এল পি)" দল পুনৰ সক্ৰিয় হ'ল। "আৰ এছ এছ" আৰু অতি হিন্দুত্ববাদী সংগঠন সমূহৰ প্ৰভাৱৰ পৰা অসম তথা উত্তৰ-পূৱৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহক মুক্ত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি আজি আহ্বান কৰা সংবাদ মেলত উদ্যোক্তা সকলে ঘোষণা কৰে। উল্লেখযোগ্য যে- "নিবাৰণ বৰা স্মৃতিৰক্ষা সমিতি" ৰ উদ্যোগত "জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি,অসম" আৰু  "অসম গণ সন্মিলন"ৰ যুটিয়া সহযোগত যোৱা ০৫/১২/২০২২ তাৰিখৰ পৰা ১২/১২/২০২২ তাৰিখলৈ ধাৰাবাহিক ভাৱে কেইবাদিনো ধৰি অনুষ্ঠিত সভাৰ অন্তত প্ৰয়াত নিবাৰণ বৰাদেৱৰ গুণমুগ্ধ সকলে এই সিদ্ধান্ত গ্ৰহণ কৰে।  দিল্লীৰ শোষণ বঞ্চনাৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূৱৰ খিলঞ্জীয়া জাতিসত্বা সমূহক ৰক্ষা কৰিবলৈ অসমৰ জাতীয়তাবাদী শিৱিৰৰ পিতৃস্বৰূপ প্ৰয়াত নিবাৰণ বৰাদেৱৰ নেতৃত্বত ইতিহাসৰ এক গুৰুত্বপূৰ্ণ পটভূমিত ১৯৭৭ চনৰ ১১ ছেপ্টেম্বৰত এই দলৰ জন্ম হৈছিল। অসমৰ লগতে উত্তৰ-পূৱৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীক ঐক্যবদ্ধ কৰি দিল্লীৰ শোষণ বঞ্চনাৰ বিৰুদ্ধে এক শক্তিশালী গণ-প্ৰতিৰোধ গঢ়ি তোলাটোৱে এই দলৰ উদ্দেশ্য আছিল। পি এল পিয়ে হিন্দী বলয়ৰ লোক সকলক অসম তথা উত্তৰ-পূৱৰ শত্ৰু বুলি চিহ্নিত কৰি ১৯৮২ চনৰ ১২ জুনত "থলুৱা ব্যক্তিত্বৰ সন্ধানত" নামেৰে এখন পুথি প্ৰকাশ কৰাৰ পিছতে দিল্লীৰ চকু থিয় হৈ পৰিছিল। এই পুথি প্ৰকাশৰ পিছতে  উত্তৰ-পূৱত দিল্লীয়ে চলাই থকা শোষণ-লুণ্ঠন অন্ত পৰাৰ আতংকত ভূগিছিল আৰু নিবাৰণ বৰা আৰু পি এল পিক ধ্বংস কৰাৰ বাবে গভীৰ ষড়যন্ত্ৰত নামি পৰিছিল। তাৰ পৰবৰ্তী সময়ত বৰাদেৱৰ সপোন দিল্লীয়ে কেনেদৰে ধূলিসাৎ কৰিছিল, কেনেদৰে বৰাদেৱক এঘৰীয়া কৰিছিল আৰু তাৰ পিছত কেনেদৰে অসমীয়া জাতি ধ্বংস কৰিবলৈ কুখ্যাৎ "অসম চুক্তি" ৰচনা কৰিছিল সেই কথা অসমৰ ৰাইজৰ  সদায় মনত থাকিব।   বৰাদেৱ নাথাকিলেও বৰাদেৱৰ অমৰ সৃষ্টি পূৰ্ব্বাঞ্চলীয় লোক পৰিষদক সঠিক লক্ষ্যৰে তেখেতৰ গুণমুগদ্ধ সকলে আগুৱাই লৈ গৈ আছিল। কিন্তু ২০০৩ চনত পি এল পি দলটোৰ পঞ্জীয়নক লৈ সৃষ্টি হোৱা এক বিতৰ্কৰ পৰিণতিত ভাৰতৰ নিৰ্বাচন আয়োগে দলটো অসমত ফ্ৰিজ কৰি দিছিল। তেতিয়াৰ পি এল পিৰ  নেতৃবৰ্গই নিৰ্বাচনী আয়োগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগক ফ্ৰিজটো উঠাই লবলৈ বহু চেষ্টা কৰিও বিফল হোৱাত ২০১০ চনত অনুষ্ঠিত পি এল পিৰ এক প্ৰতিনিধি সভাত দলটো সামৰি থোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু পি এল পিৰ নীতি-আদৰ্শৰ ভিত্তিত "জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি,অসম" গঠন কৰিছিল। সাম্প্ৰতিক পৰিস্থিতিত অসমমৰ লগতে উত্তৰ-পূৱৰ খিলঞ্জীয়া ৰাইজৰ প্ৰতি নামি অহা ঘোৰ সংকতৰ বাবে নিষ্ক্ৰিয় অৱস্থাত  থকা পি এল পি দল পুনৰ সক্ৰিয় কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তত থকা বৰাদেৱৰ গুণমুগ্ধ সকলে সিদ্ধান্ত গ্ৰহণ কৰি দলটোক পূৰ্ণাংগ ৰূপ দিবলৈ এখন তদৰ্থ সমিতি গঠন কৰি দিয়ে। একালৰ অসম আন্দোলনৰ আগশাৰীৰ নেতা তথা সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সচিব প্ৰধান শ্ৰী চৰণ ডেকাক সভাপতি আৰু পি এল পিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যক সচিব প্ৰধান হিচাপে লৈ এখন ৩১ জনীয় তদৰ্থ সমিত গঠন কৰা হয়। এই সমিতিখনে অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত বৰাদেৱৰ গুণমুদ্ধ সকলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ জাতি-জনগোষ্ঠী সকলৰ মাজত থকা জাতীয়তাবাদী চিন্তাৰ লোকসকলক আমন্ত্ৰণ জনাই গুৱাহাটীত এখন বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত অধিৱেশনত পি এল পি দলক পূৰ্ণাংগ ৰূপত গঠন কৰা হ'ব।

No comments