Breaking News

সোণাৰি টাউনৰ শান্তি পুৰত দিনতেই বনৰীয়া হাতীৰ মুক্ত ভাৱে বিচৰণ


ডিজিটেল সংবাদ,সোণাৰিঃ সোণাৰি টাউনৰ শান্তি পুৰত দিনতেই বনৰীয়া হাতীৰ মুক্ত ভাৱে বিচৰণ।চৰাইদেউ জিলাৰ সোণাৰিত আজি কেইদিনমান ধৰি একেৰাহে বনৰীয়া হাতীয়ে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্য সন্ধানত ওলাই আহি  মানুহৰ ঘৰ দুৱাৰ ভাঙি , পথাৰৰ পকা ধান খাই তহিলং কৰা পৰিলক্ষিত হৈছে । আজিও ঠিক এই হাতীৰ জাকটোৰ এটা হাতীয়ে খাদ্যৰ সন্ধানত ওলাই আহি এইদৰে মুক্ত ভাৱে সোণাৰি পৌৰসভাৰ এলেকাৰ শান্তিপুৰৰ গাওঁৰ মানুহৰ ঘৰৰ বাৰিত দিনতেই বিচৰণ কৰি কলগছ ভাঙি খোৱা পৰিলক্ষিত হৈছে। সোণাৰি বন সংমণ্ডলৰ বিভাগৰ লোকক বাৰং বাৰ ফোন কৰা হৈছিল যদিও ঘটনা স্থলিত উপস্থিত হোৱা পৰিলক্ষিত নহল । অৱশেষত শান্তিপুৰ বাসীয়ে বনৰীয়া  হাতীটোক ওচৰতে থকা বনাঞ্চল লৈ খেদি পঠিওৱা দেখা গৈছে।



No comments