Breaking News

দেশত ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধ জনিত ঘটনা।




ডিজিটেল ডেস্ক ...দেশত  ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধ জনিত ঘটনা। 
 এক নৃশংস হত্যাকাণ্ডৰ তথ্য পোহৰলৈ আহিছে, নিজৰ
 পিতৃক ৩২ টুকুৰা কৰি দমকলৰ ওচৰত পেলাই দিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।কৰ্ণাটকৰ বাগালকোটত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। হত্যাৰ কথা পোহৰলৈ অহাৰ পাছত আৰক্ষীয়ে মৃতদেহৰ টুকুৰাবোৰ জেচিবিৰ সহায়ত উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে। অভিযুক্ত বিথালা কুলালীক  গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।ঘটনা অনুসৰি ৬ ডিচেম্বৰত, ২০ বছৰীয়া বিথালাই তেওঁৰ পিতৃ ৫৩ বছৰীয়া পৰশুৰাম কুলালীক হত্যা কৰিছিল।লোহাৰ ৰড ব্যৱহাৰ কৰি পিতৃক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে পৰশুৰামে নিচাগ্ৰস্ত হৈ বিথালাক সদায় গালি-গালাজ কৰিছিল। পৰশুৰামৰ পত্নী আৰু ডাঙৰ পুত্ৰ   অন্য ঠাইত বাস কৰে।যেতিয়া পুনৰ তেওঁক পিতৃয়ে আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল তেতিয়া খঙৰ ভমকত পিতৃক হত্যা কৰিছিল। তাৰ পাছতে বিথালাই মৃতদেহটোৰ ৩২ টুকুৰা কৰি পেলাই দিয়ে।

No comments