Breaking News

প্ৰতিভাৰে উজ্বলি উঠিছে শিৱসাগৰৰ নাজিৰাৰ এগৰাকী কণমানি চৈয়দা নাবিহা ৰহমান

 


ডিজিটেল সংবাদ, শিৱসাগৰঃ
প্ৰতিভাৰে উজ্বলি উঠিছে শিৱসাগৰৰ নাজিৰাৰ এগৰাকী কণমানি ন্যাসে আয়োজন কৰা Culture Education আৰু Sport's প্ৰতিযোগিতাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ চৈয়দা নাবিহা ৰহমানৰ শিৱসাগৰৰ নাজিৰা ৮ নং ৱাৰ্ডৰ বাসিন্দা চৈয়দ মৈনুৰ ৰহমান আৰু চৈয়দা নাফিয়া হকৰ সু-যোগ্য কন্যা চৈয়দা নাবিহা ৰহমানে ১১ বছৰ বয়সতে উজলি উঠিছে বৰ্ণিল প্ৰতিভাৰে । ৪ বছৰ বয়সৰ পৰাই কণমানি জনীয়ে কৰা অবোধ প্ৰচেষ্টা আৰু অধ্যৱসায়ৰ ফলত নাজিৰা অঞ্চলৰ লগতে সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে । ছাত্ৰী গৰাকীয়ে যোৱা কালিৰ দিনটোত চৈয়দ কৈলাণ ন্যাসে আয়োজন কৰা Culture  Education আৰু Sport's প্ৰতিযোগিতাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় । প্ৰতিযোগিতা খনিত পুৰস্কাৰ হিচাপে কনমানি জনীয়ে লাভ কৰে নগদ ২৫,০০০ হাজাৰ টকাৰ এখনি চেকৰ লগতে এটা ট্টফী । ছাত্ৰী গৰাকীয়ে মাত্ৰ এই ১১ বছৰ বয়সতে আয়ত্ব কৰিছে জিকিৰ, বৰগীত, কবিতা, কেৰাটেকে আদি কৰি বহুতো শিল্প-সাধনা আৰু সাংস্কৃতিক দিশ । নিজ কন্যাৰ এই সাফল্যত হাঁহি বিৰিঙিছে নিজ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকৰ ।

No comments