Breaking News

অন কেমেৰা হাতীয়ে দিন দুপৰতে ভাঙিছে ঘৰ ৷


 ডিজিটেল সংবাদ , নুমলীগড়ঃ 
অন কেমেৰা হাতীয়ে দিন দুপৰতে ভাঙিছে ঘৰ ৷ নুমলীগড়ৰ মৰঙিত জাক জাক হাতীয়ে ঘেৰি ধৰিছে ইঘৰৰ পিছত সিঘৰ ৷ ত্ৰাহি মধুসুদন সুৱঁৰিছে ৰাইজে ৷"খুমটাইৰ মৃণালে পাৰে সৰুপথাৰৰ বিশ্বজিতে নোৱাৰে কিয় ? নদী পাৰহৈ মৃণাল শইকীয়াৰ সমষ্টিত হাতী প্ৰবেশ কৰিলেই দলে দলে আৰক্ষী , বনবিভাগ লৈ হাতী আমাৰ ফালে ঘুৰাই পঠায় ৷ আমাৰ বিশ্বজিত ফুকনে কি কৰিছে ৷ কিয় আমাক নিৰাপত্তা দিব নোৱাৰে ৷"  এইদৰেই এতিয়া ক্ষোভত ফাঁটি পৰিছে মৰঙিৰ জনতা ৷ যোৱা এটা পষেকৰো অধিক সময় দিনে নিশাই এটা বৃহৎ বন্যহাতীৰ জাকে পানীকৰা, তেলীয়া, ২ নং কৈবৰ্ত , আবৰ ঘাট গাৱঁত ধাৰাবাহিক উপদ্ৰৱ চলাই ৰাইজৰ নিদ্ৰা হৰিছে ৷ দিন দুপৰতে হাতীৰ জাকে কেমেৰাৰ সন্মুখতেই মানুহৰ বাসগৃহ আক্ৰমণ কৰিছে ৷ ক্ষোভিত ৰাইজে উপায়হীন হৈ হাতীৰ জাক সমুহ বিদেশত বিক্ৰী কৰি নিৰাপত্তা দিয়াৰ আহ্বান জনাইছে ৷ নিৰাপত্তা দিয়ক নহলে ৰাইজে ৰাজপথলৈ ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰিব ৷ হাতীৰ বাবে আমি ৰোগীয়া হৈ পৰিছোঁ ৷ খাবলৈ নাপাওঁ , শুবলৈ নাপাওঁ কেনেকৈ জীয়াই থাকিম ৷ আমাৰ কেমেৰাৰ সন্মুখত এইদৰেই ক্ষোভ ব্যক্ত কৰিছে ভূক্তভোগী ৰাইজে ৷  অতি স্পৰ্শকাতৰ মৰঙিৰ জলন্ত সমস্যাৰ প্ৰতি চৰকাৰৰ আওকণীয়া মনোভাবত ৰাইজ খৰ্গহস্ত হৈ পৰিছে ৷ বিধায়ক বিশ্বজিত ফুকনক শীঘ্ৰেই ব্যবস্থা গ্ৰহণ কৰি মৰঙিবাসীক নিৰাপত্তা দিয়াৰ দাবী জনাইছে ৷ অন্যথা কৃষক , বনুৱা,খাটিখোৱা শ্ৰমজীৱি ৰাইজে ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ প্ৰদান কৰিছে ৷

No comments