Breaking News

দেশৰ ভিতৰতে পৰ্যটনৰ ক্ষেত্ৰত অসমে পালে দ্বিতীয় স্হান ।



ডিজিটেল ডেস্ক: 
ইণ্ডিয়া টুডে গ্ৰুপে কৰা এক সমীক্ষাত অসমক পৰ্যটনৰ ক্ষেত্ৰত দ্বিতীয় ৰাজ্য হিচাপে সন্মান প্ৰদান কৰে ।ইণ্ডিয়া টুডে গ্ৰুপৰ জৰীপক দেশৰ অন্যতম বিশ্বাসযোগ্য আৰু প্ৰমাণিক জৰীপ বুলি ধৰিব পাৰি।অসমৰ পৰ্যটন খণ্ডৰ সাফল্যতাৰ ক্ষেত্ৰত পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই টুইট যোগে নিজৰ মন্তব্য আগবঢ়ায় কয় যে অসমে পৰ্যটন ক্ষেত্ৰত দ্বিতীয় খিতাপ পোৱাত মই অতি গৌৰৱ অনুভৱ কৰিছো কভিদ ১৯ সময়ছোৱাত পৰ্যটন‌ বিভাগৰ বহু ক্ষতিগ্ৰস্ত হোৱাৰ পিছতো অসমে এই খিতাপ অৰ্জন কৰাটো  অতি আনন্দৰ মূৰ্হত আশা কৰো নতুন পৰ্যটন নীতি আৰু পদক্ষেপৰ দ্বাৰা অনাগত দিনতো আমি পৰ্যটন ক্ষেত্ৰখনত অধিক সফলতা লাভ কৰিবলৈ সক্ষম হম মই এই সাফল্যতাৰ বাবে পৰ্যটন‌ বিভাগৰ  সকলো কৰ্মচাৰী আৰু বিষয়াসকল আৰু পৰ্যটক সকলক ধন্যবাদ  জ্ঞাপন কৰিছো ।

No comments