Breaking News

শিৱসাগৰৰ শিমলুগুৰি কেন্দুগুৰিৰ ঘটনাৰ নতুন মূৰ ।


ডিজিটেল সংবাদ, শিৱসাগৰ: 
শিৱসাগৰৰ শিমলুগুৰি কেন্দুগুৰিৰ বিবাহিতা মহিলা নিতুমণি লুখুৰাখনৰ হত্যাকাণ্ড আৰু দহ মহীয়া শিশু অপহৃত সূৰ্য্য কুমাৰ বৰা নেতৃত্বৰ আৰক্ষীয়ে শিশু অপহৃত ঘটনাৰ লগত জড়িত চাৰি গৰাকীকৈ লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে শিৱসাগৰৰ শিমলুগুৰি কেন্দুগুৰিৰ ঘটনাৰ নতুন মূৰ । যোৱা সোমবাৰে প্ৰণালী ওৰফে হীৰামাই গগৈয়ে আধাৰ কাৰ্ড বনোৱাৰ প্ৰলোভন দি মাতি নিছিল মৃত নিতুমণি লুখুৰাখনক । বিবাহিতা মহিলা নিতুমণি লুখুৰাখনৰ হত্যাকাণ্ড আৰু দহমহীয়া শিশু অপহৃত ঘটনাৰ লগত জড়িত সকলৰ বিৰুদ্ধে যোৱা নিশা আৰক্ষীৰ অভিযান । শিমলুগুৰি আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া সূৰ্য্য কুমাৰ বৰা নেতৃত্বৰ আৰক্ষী বাহিনীয়ে টেঙাপুখুৰীৰ হীৰামাই ওৰফে প্ৰণালী গগৈ, তেওঁৰ স্বামী বসন্ত গগৈক আটক কৰাৰ লগতে তেওঁ লোকৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত নাবালিকা কন্যাক যোৰহাটৰ ISBTৰ পৰা আটক কৰিছে । নাবালিকা কন্যা গৰাকী পৰাই আৰক্ষীয়ে উদ্ধাৰ কৰে দহ মহীয়া শিশুটি । লগতে প্ৰণালী গগৈৰ পুত্ৰ প্ৰশান্ত গগৈকো শিমলুগুৰি আৰক্ষীয়ে পলাতক অৱস্থাৰ পৰা আটক কৰি থানাত জেৰা অব্যাহত ৰাখিছে । ইতিমধ্যে অপহৃত দহ মহীয়া শিশুটিক আৰক্ষীয়ে উদ্ধাৰ কৰি ভুক্তভূগীৰ পৰিয়ালৰ লোকক গতাই দিছে ।


No comments