Breaking News

দেৰগাঁও সাহিত্য সভাৰ উদ্যোগত চৈয়দ আব্দুল মালিকৰ স্মৃতি দিৱস উদযাপন।


ডিজিটেল সংবাদ, দেৰগাঁও: 
মঙ্গল বাৰে চৈয়দ আব্দুল মালিকৰ ২২ সংখ্যক মৃত্যু দিৱস দেৰগাঁও সাহিত্য সভাৰ চন্দ্ৰনাথ খাউণ্ড ভৱনত আড়ম্বৰপূৰ্ণ ভাবে উদযাপন কৰা হয়। দেৰগাঁও সাহিত্য সভাৰ সভাপতি প্ৰভাত চন্দ্ৰ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত নিদিষ্ট বক্তা হিছাপে উপস্থিত থাকি চৈয়দ আব্দুল মালিকৰ সাহিত্যৰ ওপৰত পৰ্য্যালোচনা আগবঢ়াই দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক লাৱন্য বৰাই। অনুষ্ঠানটোত উপস্থিত থাকে দেৰগাঁও সাহিত্য সভাৰ সম্পাদক অজিত চন্দ্ৰ দত্ত,নগেন বৰা,মহেন্দ্ৰ নাথ হাজৰিকাকে আদিকৰি কেবাজনো বিশিষ্ট ব্যক্তি।গায়িকা ভাৰতী বৰঠাকুৰে চৈয়দ আব্দুল মালিকে ৰচনা কৰা চিৰ যুগমীয়া গীত" জীৱনে মৰনে চিৰদিন অসমীয়া" গীততো পৰিৱেশন কৰি অনুষ্ঠানততো অধিক জীপাল কৰি তোলে। বন্তি আহমেদ, গৌৰৱ বৰুৱা আৰু ইন্দ্ৰানী গোস্বামীৰ কবিতা পাঠে অনুষ্ঠানতো অধিক মনোজ্ঞ কৰি তোলে।


No comments