Breaking News

দেৰগাঁৱত শৈৱ মহাসংঘৰ স্থাপনা সমাৱেশ

                                                          




ডিজিটেলসংবাদ,দেৰগাঁও: দেৰগাঁৱত শৈৱ মহাসংঘৰ স্থাপনা সমাৱেশ:-সমগ্ৰ বিশ্বৰে শিৱভক্তসকলক একত্ৰিত কৰি শৈৱ চৈতন্য জাগ্ৰত কৰাৰ উদ্দেশ্যে হিন্দুত্ববাদী নেতা সৌমিত্ৰ গোস্বামীৰ প্ৰচেষ্টাত দেৰগাঁও ‌বাপুজী মন্দিৰত দেওবাৰে শৈৱ মহাসংঘ স্থাপনা সমাৱেশ অনুষ্ঠিত কৰা হয় । সনাতন পৰম্পৰাৰ শৈৱ মাৰ্গৰ এক আধ্যাত্মিক প্ৰয়োজনীয়তা অনুভৱ কৰি দেশ-বিদেশৰ বুজন সংখ্যক শিৱ ভক্তক একত্ৰিত কৰি শৈৱ সংঘ নামৰ এক অনুষ্ঠানৰ জন্ম দিয়া হয় । মহাদেৱৰ মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই আধ্যাত্মিক সভাখনত সভাপতিত্ব কৰে আহ্বায়ক সৌমিত্ৰ গোস্বামীয়ে । উক্ত অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ শিৱভক্ত জটাধাৰী বাবা , মহাৰাজসকলৰ লগতে প্ৰায় তিনি শতাধিক শৈৱ মাৰ্গত বিশ্বাসী ভক্তই অংশ গ্ৰহণ কৰে । উক্ত সভাখনত মৰিগাঁৱৰ গোভাৰজা দীপসিং দেওৰাজেও অংশগ্ৰহণ কৰে । এই সভাতেই সৌমিত্ৰ গোস্বামীক সভাপতি , অভিজিৎ বৰাক কাৰ্যকৰী সভাপতি আৰু প্ৰণৱ চক্ৰৱৰ্তীক সম্পাদক হিচাপে লৈ শৈৱ মহাসংঘৰ কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয়

No comments