Breaking News

মৰঙিৰ ২ নং দৈগ্ৰোঙৰ ফুলনীবাৰী নৱ উদীপ্ত যুৱ সংঘৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু ইউনেস্ক’ মইনা পাৰিজাতৰ অধিবেশন সম্পন্ন ৷


 ডিজিটেল সংবাদ, নুমলীগড়: 
মৰঙিৰ ২ নং দৈগ্ৰোঙৰ ফুলনী গাৱঁৰ ৰাজহুৱা খেল পথাৰত আজি পুৱাৰে পৰা বৰ্ণাঢ্য কাৰ্যসুচীৰ দুটাকৈ সামাজিক অনুষ্ঠানৰ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ ২ নং দৈগ্ৰোঙৰ নৱ উদীপ্ত যুৱ সংঘৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু ফুলনী গাওঁ ইউনেস্ক’ মইনা পাৰিজাতৰ অধিবেশন অনুষ্ঠিত হয় ৷ পুৱা ৮ বজাত পতাকা উত্তোলন কৰে প্ৰাক্তন শিক্ষক তথা জ্যেষ্ঠ নাগৰিক নৰেন দত্তই ৷ স্মৃতি তৰ্পন কৰে প্ৰাক্তন শিক্ষক নগেন বৰাই ৷ ইয়াৰোপৰি ক্ৰীয়া আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয় ছাত্ৰ ছাত্ৰী সকলৰ মাজত ৷ বিয়লী বঁটা বিতৰণী আৰু মুকলি সভা অনুষ্ঠিত হয় ৷ সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সমাজ কৰ্মী জীৱন চুতীয়াই ৷

No comments