Breaking News

শীতৰ সন্ধিয়া ন-পুৰণি সাংবাদিকৰ আড্ডাৰে মুখৰিত যোৰহাটৰ জয়া ভৱনৰ বাকৰি

                                                                 


ডিজিটেল সংবাদ, যোৰহাট: দেৱকুমাৰ বৰাৰ সোঁৱৰণত সাংবাদিক ফেল'শ্বিপ ঘোষণা বাতৰি কাকতৰ বিতৰকসহ ১৪ গৰাকী হকাৰক সম্বৰ্ধনা অসম আন্দোলনৰ নেতা, বিশিষ্ট  সাংবাদিক, প্ৰাক্তন মন্ত্ৰী দেৱ কুমাৰ বৰাৰ সোঁৱৰণত সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ যোৰহাট জিলা সমিতি আৰু সাংবাদিক কল্যাণ নিধিয়ে অহা বৰ্ষৰ পৰা প্ৰদান কৰিব এক ফেল'শ্বিপ ।    আজু যোৰহাট জিলা সমিতিৰ দ্বিতীয় বৰ্ষ পূৰ্তি উপলক্ষে কালি ইয়াৰ জয়া ভৱনত অনুষ্ঠিত ন-পুৰণি সাংবাদিক, পঢ়ুৱৈ আৰু বিতৰকৰ অন্তৰংগ আলাপ 'শীতৰ এসন্ধ্যা' শীৰ্ষক অনুষ্ঠানত আনুষ্ঠানিকভাৱে এই ঘোষণা কৰা হয়। প্ৰয়াত দেৱ কুমাৰ বৰাৰ সহধৰ্মিনী বৰ্ণালী শইকীয়া বৰাৰ উপস্থিতিত এই কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰি সাংবাদিক কল্যাণ নিধিৰ সম্পাদক নৱজ্যোতি বৰুৱাই কয় যে উজনি অসম ভিত্তিত এই ফেল'শ্বিপ প্ৰৱৰ্তন কৰা হৈছে। প্রতি বছৰে এজন সাংবাদিকক অসমৰ যিকোনো এটা মৌলিক বিষয়ৰ ওপৰত গৱেষণা কৰাৰ উদ্দেশ্যে ফেল'শ্বিপ আগবঢ়োৱা হ'ব। উল্লেখযোগ্য যে সাংবাদিকৰ এই আড্ডা অনুষ্ঠানত যোৰহাটৰ বাতৰি কাকতৰ বিতৰক নিৰোদ চাংকাকতিৰ উপৰি ১৪গৰাকী    হকাৰক  প্ৰশস্তি পত্ৰ, স্মাৰক, ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সম্বধিত হকাৰ সকল হ'ল-- প্ৰমোদ বৰুৱা,অতুল বুঢ়াগোহাঁই,গোপাল সৰকাৰ,যাদৱ শৰ্মা,ভৱকৃষ্ণ মহন্ত,মোহন শইকীয়া,প্ৰেম কুমাৰ দত্ত, দ্বিপেন বৰা, পৱিত্ৰ শইকীয়া,প্ৰসেনজিৎ কলিতা আৰু মিনেশ্বৰ গগৈ। উল্লেখ্য যে কালি অনুষ্ঠানতে এই বছৰৰ পৰা প্ৰৱৰ্তন কৰা 'জিলাখনৰ বিশিষ্ট সমাজসেৱক সম্বৰ্ধনা' কাৰ্যসূচীৰ অধীনত চেলেংহাটৰ বিশিষ্ট সমাজ সেৱক তথা ড্ৰাগছ বিৰোধী অভিযানৰ অন্যতম সেনানী তুষাৰ পালক এখন প্ৰশস্তি পত্ৰ, স্মাৰক আৰু ফুলাম গামোচাৰে ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত  উপায়ুক্ত অশোক কুমাৰ বৰ্মন,  আৰক্ষী অধীক্ষক মোহন লাল মীনা, প্ৰয়াত দেৱকুমাৰ বৰাৰ সহধৰ্মিনী বৰ্ণালী শইকীয়া বৰা, একালৰ সাংবাদিক তথা অসম ঔদ্যোগিক আন্ত:গাথঁনি উন্নয়ন বিভাগৰ অধ্যক্ষ শান্তনু পূজাৰী, সাংবাদিক পেঞ্চনাৰ ললিত বৰা, প্ৰাক্তন সাংবাদিক গোপাল হাজৰিকা, তাজ উদ্দিন আহমদ, যোৰহাট জিলা পৰিষদৰ অধ্যক্ষ ৰঞ্জন কুমাৰ শইকীয়াই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অন্তৰংগ আলাপৰ আৰম্ভনিতে একালৰ জ্যেষ্ঠ সাংবাদিক শান্তনু পূজাৰী, সাংবাদিক পেঞ্চনাৰ ললিত বৰাই নিজৰ সাংবাদিক জীৱনৰ তিতা-মিঠা অভিজ্ঞতা বৰ্ণনা কৰাৰ উপৰি আমোদজনক কাহিনীৰ কথা ব্যক্ত কৰে । আনহাতে অনুষ্ঠানত উপস্থিত থাকি জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে আজু আৰু সাংবাদিক কল্যাণ নিদিয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লয় আৰু অনাগত দিনত এনেবোৰ পদক্ষেপে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ সাংবাদিক আৰু ছপা মাধ্যমক শক্তিশালী কৰিব বুলি মন্তব্য কৰে।  আৰক্ষী অধীক্ষক মোহন লাল মীনাই কয়, তেওঁ প্ৰত্যেক দিনাই পুৱাই বাতৰি কাকতৰ কাটিং চাইহে দিনটোৰ কাৰ্যাৱলী নিৰূপণ কৰে। সাংবাদিকসকলক তেওঁ সমাজৰ দাপোণ বুলিও অভিহিত কৰে।  অন্তৰঙ্গ আলাপ অনুষ্ঠানত  ফেল'শ্বিপ ঘোষণা কৰা মুহূৰ্তত উপস্থিত থাকি প্ৰয়াত দেৱকুমাৰ বৰাৰ সহধৰ্মিনী বৰ্ণালী শইকীয়া বৰাই স্বামীৰ স্মৃতিচাৰণ কৰাৰ লগতে দেৱকুমাৰ বৰাৰ সোঁৱৰণত আজুৰ যোৰহাট জিলা সমিতিয়ে ফেল'শ্বিপ প্ৰবৰ্ত্তন  কৰিবলৈ লোৱা উদ্যোগত শলাগ লয় আৰু ইয়াৰ জৰিয়তে সাংবাদিক সকল উপকৃত হ'ব বুলি মন্তব্য কৰে। তদুপৰি, তেওঁ যোৰহাটৰ সাংবাদিকসকলৰে থকা মধুৰ সম্পৰ্কৰ কথা উল্লেখ কৰি সেয়া সকলো তেওঁৰ স্বামী দেৱকুমাৰ বৰাৰ সূত্ৰে লাভ  কৰা বুলি উল্লেখ কৰি আবেগিক হৈ পৰে। সাংবাদিক কল্যাণ নিধিৰ সম্পাদক নৱজ্যোতি বৰুৱা আৰু আজু, যোৰহাট জিলাৰ সভাপতি যোগেশ ওজাই আঁত ধৰা ন-পুৰণি সাংবাদিক, পঢ়ুৱৈ আৰু বাতৰি কাকতৰ বিতৰক মাজত হোৱা  শীতৰ সন্ধ্যা জুইৰ উত্তাপত অনুষ্ঠিত এই অন্তৰংগ আলাপত জ্যেষ্ঠ সাংবাদিক বিশ্বজিত বৰুৱা, পুলক দত্ত, নীলমণি বৰা, অঞ্জন কুমাৰ বৰা, ৰমেন শইকীয়া, কবিৰ শইকীয়া, প্রদীপ বৰা, ৰাজীৱ বৰা, দেৱজিত বৰুৱা, মৰিয়নীৰ দীপক দত্ত, প্ৰাঞ্জল পাওগাম , সতীশ ৰায়, নেকিব আহমেদ, মদন মোহন পাগবন্ধা, বিজু তনুৱাল, বিৰাজ বৰা, দেৱবিকাশ বৰুৱা, পৰমানন্দ বৰা, দিব্যজ্যোতি বৰা, কংকন শৰ্মা, উত্তম শইকীয়া, ৰঞ্জিত ভূঞা, ৰাজীৱ ভট্টাচাৰ্য, জগন্নাথ অগ্নিবৰা, শ্ৰীমন্ত বৰুৱাকে আদিকে অৰ্ধ শতাধিক ন-পুৰণি  সাংবাদিকৰ উপৰি আছু, যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধিকে ধৰি বিভিন্ন সংগঠনৰ  প্ৰতিনিধি, প্ৰাক্তন ছাত্ৰ নেতা আৰু সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উদীয়মান কন্ঠ শিল্পী দেবানন্দ বৰাৰ গীতেৰ আৰম্ভ হোৱা অন্তৰঙ্গ আলাপত  জনপ্ৰিয় কন্ঠ শিল্পী  প্ৰসেনজিৎ লাহন,  ৰূপজ্যোতি গাৰ্গ আৰু আশীষ কাশ্যপে গীত  পৰিৱেশন কৰাৰ উপৰি জ্যেষ্ঠ সংবাদ কৰ্মী ৰাজীৱ ভট্টাচাৰ্যই বাঁহী বাদন, দেৱবিকাশ বৰুৱাই যাদু প্ৰদৰ্শন কৰাৰ  লগতে সিদ্ধাৰ্থ বৰুৱাই কবিতা আবৃত্তিৰে সমগ্ৰ অনুষ্ঠানটো জীপাল কৰি তোলে।

No comments