Breaking News

বিদ্যুৎস্পৃষ্ট হৈ মাতৃ আৰু কন্যাৰ অকাল মৃত্যু...


ডিজিটেল সংবাদ, শিৱসাগৰ...
শিৱসাগৰৰ নাজিৰা জয়া বাগানত অঘটন..  বিদ্যুৎস্পৃষ্ট হৈ মাতৃ আৰু কন্যাৰ অকাল মৃত্যু...হৃদয়বিদাৰক, মৰ্মান্তিক এক ঘটনাই জোকাৰি গৈছে জয়া বাগান ।শিৱসাগৰৰ নাজিৰা জয়া বাগানত অঘটন । বিদ্যুৎস্পৃষ্ট হৈ মাতৃ আৰু কন্যাৰ অকাল মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য । একে ঘৰৰে দুগৰাকীকৈ মহিলাৰ মৃত্যু lবিদ্যুৎস্পৃষ্ট  হৈ একেলগে মৃত্যু মাতৃ আৰতি কৰ্মকাৰ আৰু কন্যা মৰমি কৰ্মকাৰ । নিজা ঘৰত গা ধুই থাকোতে  lবিদ্যুৎস্পৃষ্ট হয় দুয়ো গৰাকী মহিলা । কন্যাই গা ধুই থকা অৱস্থাতবিদ্যুৎস্পৃষ্ট হোৱা বুলি জানিব পাৰি তাইক বচাবলৈ গৈ মাতৃয়ো পুনৰ  বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে । লিগিৰীপুখুৰীস্থিত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়লৈ দুয়োকে নিয়া হয় । যদিও চিকিৎসকে দুয়ো মাতৃ আৰু কন্যাক মৃত ঘোষণা কৰে । পৰৱৰ্তী সময়ত চিকিৎসালয়ত নাজিৰা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

No comments