Breaking News

"মোডীক হত্যা কৰিবলৈ সাজু হওক" এই মন্তব্য কৰা কংগ্ৰেছ নেতা ৰাজা পাটেৰিয়াক গ্ৰেপ্তাৰঃ কংগ্ৰেছৰো গৰিহণা এনে মন্তব্যৰ



প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পৰ্কত বিতৰ্কিত ভাষ্য প্ৰদান কৰা কংগ্ৰেছ নেতা তথা মধ্য প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী ৰাজা পাটেৰিয়াক গ্ৰেপ্তাৰ কৰা হৈছে।

পাটেৰিয়াই সোমবাৰে এখন দলীয়া সভাত সংবিধান ৰক্ষা কৰিবলৈ মোডীক হত্যা কৰিব লাগিব বুলি বিস্ফোৰক ভাষ্য প্ৰদান কৰা  এটা ভিডিঅ' পোহৰলৈ অহাৰ পিছতেই বিষয়টোক লৈ সৃষ্টি হৈছিল চাঞ্চল্যৰ। ভিডিঅ’টোত  তেওঁ সংবিধানক "বচাবলৈ" প্ৰধানমন্ত্ৰী মোডীক "হত্যা" কৰিবলৈ এদল লোকক গোৱা শুনা গৈছিল।

তেওঁৰ এই মন্তব্যৰ পিছতে, মধ্য প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী পাটেৰিয়াৰ বিৰুদ্ধে আৰক্ষীক গোচৰৰ নিৰ্দেশ দিয়ে। পান্নাৰ পৱৈ আৰক্ষী থানাত সোমবাৰে আবেলি  পাটেৰিয়াৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰ পিছতেই পাটেৰিয়াক ৰাজ্যখনৰ দামোহ জিলাৰ হাটা চহৰৰ তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

ইফালে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই মন্তব্যক গৰিহণা দিয়ে আৰু আনকি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লক্ষ্য কৰি কয়: "ভাৰত যোড়ো যাত্ৰা কৰাৰ ভাও লোৱা সকলৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে।""কংগ্ৰেছৰ লোকসকলে এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে প্ৰতিদ্বন্দিতা কৰিবলৈ সক্ষম নহয়, সেয়েহে এজন কংগ্ৰেছ নেতাই তেওঁক হত্যা কৰাৰ কথা কৈছে। এয়া হৈছে ঘৃণাৰ ৰাজনীতিৰ মানসিকতা। এই মন্তব্যত কংগ্ৰেছৰ প্ৰকৃত অনুভূতি প্ৰকাশ পাইছে। এতিয়া আইনে ইয়াৰ পথ ল'ব," মুখ্যমন্ত্ৰীয়ে এক বিবৃতিত এই দৰে কয়।

অন্যহাতে একেটা ভিডিঅ'ত পাটেৰিয়াই দাবী কৰিছিল যে তেওঁৰ ভাষণত "হত্যা" শব্দটোৰ অৰ্থ হৈছে "পৰাজয়"। কংগ্ৰেছ নেতাজনে কয় যে তেওঁ মহাত্মা গান্ধীৰ অহিংসাৰ আদৰ্শৰ অনুগামী আৰু সংখ্যালঘুসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোডীক পৰাস্ত কৰাটো প্ৰয়োজনীয়।

এইক্ষেত্ৰত কংগ্ৰেছে পাটেৰিয়াই কৰা "নিন্দনীয়" মন্তব্যৰ বাবে হতাশা ব্যক্ত কৰিছে। মই মন্তব্য"একেবাৰে নিন্দনীয়! প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বা কাৰো বিৰুদ্ধে এনে কোনো শব্দ ব্যৱহাৰ কৰিব নালাগে। কংগ্ৰেছ দলে এনে মন্তব্যক নিন্দা, গৰিহণা দিয়ে," 


No comments