Breaking News

ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান


ডিজিটেল সংবাদ, গোলাঘাটঃ
 অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত গোলাঘাট জিলাৰ ১,১৯৭ গৰাকী মেধা ছাত্ৰ-ছাত্ৰীক  ১৪ ডিচেম্বৰ, বুধবাৰে ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হ'ব । এই উপলক্ষে গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয় প্ৰেক্ষাগৃহত দিনৰ ১১.৩০ বজাৰ পৰা আয়োজন কৰা বঁটা প্ৰদান কাৰ্যসূচীত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, তথ্য-প্ৰযুক্তি আদি বিভাগৰ মাননীয় মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব । অনুষ্ঠানত অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশুচিকিৎসা আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অতুল বৰা আৰু বিত্ত আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ, দেৰগাঁও সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ভৱেন্দ্ৰনাথ ভৰালী, খুমটাই সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত মৃণাল শইকীয়া আৰু সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন উপস্থিত থাকিব । উল্লেখযোগ্য যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ আৰু ৬০ শতাংশ বা তাতকৈ অধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰীক এই বঁটা প্ৰদান কৰা হয় । 





No comments