Breaking News

সোণাৰিৰ পৰা নিশা চুৰি হোৱা গোধন নাগালেণ্ডৰ নাইটং বস্তিত উদ্ধাৰ,


ডিজিটেল সংবাদ,সোণাৰিঃ
 সোণাৰিৰ পৰা নিশা চুৰি হোৱা গোধন নাগালেণ্ডৰ নাইটং বস্তিত উদ্ধাৰ, গৰু মালিকৰ পৰা ১০ হাজাৰ টকা দাবী নগা ষ্টুডেন্টছ ইউনিয়নৰ চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ কাষৰীয়া ১ নং লালতি পথাৰৰ পৰা নিশা চুৰি হোৱা দুটা গোধন নাগালেণ্ডৰ নাইটং বস্তিত উদ্ধাৰ হোৱাৰ পাছত নগা ষ্টুডেন্টছ ইউনিয়নে গৰু মালিকৰ পৰা ১০ হাজাৰ টকা দাবী কৰা বিষয়টোৱে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে । উল্লেখযোগ্য যে অসম নাগালেণ্ড সীমান্তৱৰ্তী টিঙালীবাম আৰক্ষী চকীৰ অন্তৰ্গত ১ নং লালতি পথাৰ গাওঁৰ পৰা নিশা চুৰি কৰি নিয়া দুটা গোধন নাগালেণ্ডৰ নাইটং বস্তিত উদ্ধাৰ হয় । গাওঁ খনৰ বিদুৰ কৰ্মকাৰ আৰু নয়া প্ৰজা নামৰ দিন হাজিৰা কৰি চলা পৰিয়াল দুটাৰ গোহালিৰ পৰা দুটা বলধ গৰু পাপু পাইক আৰু নন্দেশ্বৰ নায়ক নামৰ দুটা চোৰে চুৰি কৰি নাগালেণ্ডত বিক্ৰী কৰাৰ বাবে নি থকা অৱস্থাত কৰায়ত্ব হয়  । পাছত টিঙালীবাম আৰক্ষীয়ে গৰু দুটা উদ্ধাৰ কৰাৰ লগতে চোৰ দুটাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইফালে নাগালেণ্ডৰ নাইটং বস্তিত উদ্ধাৰ হোৱা গৰু কেইটা ঘূৰাই দিয়াৰ বাবদ নগা ষ্টুডেন্টছ ইউনিয়নে দহ হাজাৰ টকা দাবী কৰি নাইটং ষ্টুডেন্টছ ইউনিয়নৰ পেডত ধন দিবলৈ গৰু দুটাৰ গৰাকীৰ পৰা চহী কৰাই গৰু কেইটা মুকলি কৰি দিয়ে । দিন হাজিৰা কৰা পৰিয়াল দুটাই দাবী কৰা ধন কি দৰে দিব তাকে লৈ বিপাঙত পৰিছে ।গাঁৱখনৰ গঞা ৰাইজে চৰাইদেউ জিলা প্ৰশাসনক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাইছে । মনকৰিবলগীয়া যে অঞ্চলটোত খ্ৰীষ্টমাছৰ সময় ছোৱাত প্ৰায়ে গৰু ছাগলীৰ চুৰি ঘটনা সংঘটিত হৈ আহিছে ।


No comments