Breaking News

নুমলীগড়ত নিশা সাংবাদিকৰ তৎপৰতাত চোৰাং কাঠভৰ্তি দুখন বাহন জব্দ ৷


ডিজিটেল সংবাদ,নুমলীগড়ঃ 
নুমলীগড়ত নিশা সাংবাদিকৰ তৎপৰতাত চোৰাং কাঠভৰ্তি দুখন বাহন জব্দ ৷ নুমলীগড় আৰক্ষী আৰু বনবিভাগে জব্দ কৰি দুই চালকক আটক ৷নুমলীগড়ৰ নামবৰ - দৈগ্ৰোং বনাঞ্চল চোৰাং কৰি একাংশ দুস্কৃতিকাৰীয়ে দৈনিক বনবিভাগ আৰু আৰক্ষী প্ৰশাসনক মেনেজ কৰি নিশাৰ আন্ধাৰত চলাই গৈছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷  এই চোৰাং কাঠৰ ব্যবসায় ৰোধ  কৰাত ব্যৰ্থ গোলাঘাটৰ বন বিভাগ ৷ বৃহস্পতিবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত নুমলীগড়ৰ সাংবাদিকৰ এটা দলে  নুমলীগড় আৰক্ষী আৰু বকিয়াল বনবিভাগক AS 05 AC 2892 বলেৰ’ পিকআপ আৰু AS 01 GC 5580 ডিআাই চোৰাং কাঠভৰ্তি বাহন দুখন জব্দ কৰি চমজাই দিয়ে ৷ নিশায়ে নুমলীগড় আৰক্ষীয়ে দুয়োখন বাহন সহ দুজন চালকক আটক কৰি যাবতীয় তদন্ত আৰম্ভ কৰিছে ৷ নামবৰ - দৈগ্ৰোং আৰু কাৰ্বিআংলং ৰ পৰা বকিয়াল আৰু মুৰফুলনীখণ্ড বন কাৰ্যালয়ৰ সন্মুখৰে চোৰাং কাঠ কেনেকৈ পাৰহৈ যায় সেয়া তদন্ত কৰি দোষীক ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে ৷

No comments