Breaking News

নুমলীগড় ৰংবংৰ মহাপুৰুষীয়া পালনাম থানত জপ-যজ্ঞ


ডিজিটেল সংবাদ, নুমলীগডঃ নুমলীগড় ৰংবংৰ মহাপুৰুষীয়া পালনাম থানত জপ-যজ্ঞ আৰু মহাপালনাম কীৰ্তনৰে সোনালী জয়ন্তী বৰ্ষ প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে পালন।ৰংবংস্থিত একশৰণ ভাগৱতী সমাজ,অসমৰ উদ্যোগত সোনালী জয়ন্তী বৰ্ষ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৫ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈকে অৰ্থাৎ ৫ দিনীয়াকৈ জপ-যজ্ঞ,মহাপালনাম কীৰ্তনৰে কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি বৃহস্পতিবাৰ চতুৰ্থটো দিন। সেই উপলক্ষে পুৱাৰেপৰা ভকত বৈষ্ণৱৰ উচাহ উদ্দীপনাৰ অন্ত নাই। পুৱাৰেপৰা নাম প্ৰসংগ, পালনাম কীৰ্তন আদিৰে আকাশ বতাহ মুখৰীত হৈ পৰিছে হৰি নামৰ ধ্বনিত। আধ্যাত্মিক তথা ভক্তিৰসত বুৰ গৈছে সমগ্ৰ অঞ্চল। ইয়াৰ সমান্তৰালকৈ অনুষ্ঠানৰ লগত সংগতি ৰাখি মৰিগাঁওৰ এজন বৈষ্ণৱপ্ৰাণ ভকত অনিল কুমাৰ ভূঞাৰ দ্বাৰা প্ৰকাশিত ভক্তি  ৰত্নাৱলী গ্ৰন্থৰ কথাৰূপ "ভক্তি ৰত্নকথা" নামৰ এখন ধৰ্মগ্ৰন্থ শুভ উন্মোচন কৰে আচাৰ্য্য দেহেশ্বৰ বৰা বাপদেৱে । বিভিন্ন জিলা তথা প্ৰান্তৰপৰা ভকতৰ আগমন ঘটিছে মহাপুৰুষীয়া এই পালনাম থানলৈ। ভগৱানৰ ওচৰত সেৱা লৈ সকলোৰে মংগল কামনা কৰিছে ভকত বৈষ্ণৱে ।

No comments