Breaking News

৩ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হ’ব ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা।


ডিজিটেল ডেস্কঃ 
৩ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হ’ব ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হ'ব ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষা। ছেবাই এই সন্দৰ্ভত জাৰি কৰিলে নিৰ্দেশনা অনুসৰি পূৰ্বৰ তুলনাত বহু পৃথক হ'ব এইবাৰৰ মেট্ৰিক পৰীক্ষা। কি কি পৃথক হ’ব ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষা। নতুন শিক্ষানীতি অনুসৰি পূৰ্বতকৈ পৃথক হ'ব এইবাৰৰ প্ৰশ্ন কাকত।  এইবাৰ ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত পূৰ্বৰ দৰে নহ'ব। । এই প্ৰশ্ন কাকতত বস্তুনিষ্ঠ ধৰণৰ প্ৰশ্ন থাকিব ৫০ শতাংশ।আনহাতে বৰ্ণনামূলক প্ৰশ্ন থাকিব ৫০ শতাংশ। অৰ্থাত শিক্ষাৰ্থীয়ে ১ নম্বৰীয়া ৫০ টা প্ৰশ্ন পাব। গণিত বিষয়ৰ ক্ষেত্ৰত উত্তৰবহীখন বস্তুনিষ্ঠ কাকতৰ সুবিধা হোৱাকৈ প্ৰস্তুত কৰা হ'ব। বস্তুনিষ্ঠ প্ৰতিটো প্ৰশ্নৰ বিপৰীতে উত্তৰ বিচাৰি পাব পৰাকৈ প্ৰশ্ন সমাধান কৰিবলৈ খালী ঠাই পাব।ছেবাই জাৰি কৰা জাননী অনুসৰি ৩ মাৰ্চৰ পৰা আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা। পৰীক্ষাৰ অন্ত পৰিব ২০ মাৰ্চলৈ। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰীৰ ২৪ আৰু ২৫ তাৰিখে অনুষ্ঠিত হ'ব ব্যৱহাৰিক পৰীক্ষাসমূহ।এইবাৰ ৰাজ্যৰ মুঠ ৯১২ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। নতুনকৈ ৯ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা। এই পৰ্যন্ত ১ লাখ ৯৩ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে নাম পঞ্জীয়ন কৰিছে।এইবাৰ দশম শ্ৰেণীত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীয়ে দিব নোৱাৰিব মেট্ৰিক পৰীক্ষা। ছেবাই অনুত্তীৰ্ণ শিক্ষাৰ্থীক মেট্ৰিক পৰীক্ষাৰ বাবে নাম পঞ্জীয়নত বাধা প্ৰদান কৰিছে। পৰীক্ষাৰ বাবে নাম পঞ্জীয়নৰ অন্তিম তাৰিখ ১৫ ডিচেম্বৰ।

No comments