Breaking News

তামুলপুৰৰ মহাবিদ্যালয়ত বিভিন্ন জাতি জনগোষ্ঠীৰ ঐতিহাসিক সাংস্কৃতিক শোভাযাত্ৰা।


ডিজিটেল সংবাদ, তামুলপুৰ: 
তামুলপুৰৰ মহাবিদ্যালয়ত বিভিন্ন জাতি জনগোষ্ঠীৰ ঐতিহাসিক সাংস্কৃতিক শোভাযাত্ৰা।সাংস্কৃতিক শোভাযাত্ৰাই মহাবিদ্যালয় খনৰ ঐক্য, শান্তি, একতা তথা শিক্ষাৰ মানদণ্ডৰ এক উৎকৃষ্ট নিদৰ্শন।ঐতিহাসিক তামুলপুৰ জিলাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান তামুলপুৰ মহাবিদ্যালয়। আজি তামুলপুৰ মহাবিদ্যালয়ৰ পৰা মহাবিদ্যালয়ৰ কনিষ্ঠ শাখাৰ অধ্যক্ষ অসীম ডেকাই এক সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে। মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি নেৰসৌন নাৰ্জাৰী আৰু সাধাৰণ সম্পাদক বিশ্বজিত বসুমতাৰীৰ নেতৃত্বত উলিওৱা শোভাযাত্ৰাটোত আজি ঐতিহাসিক তামুলপুৰ অঞ্চলৰ বৃহত্তৰ অসমীয়া জাতিৰ বিহুকে আদি কৰি বিভিন্ন জনগোষ্ঠীয়-- বড়ো, ৰাভা, শৰণীয়া, গোৰ্খা, ৰাজবংশী, বৰ্মণ কচাৰীকে আদি কৰি চাওতাল, ডক্টৰ, নাৰ্চ তথা ইছলাম ধৰ্মীয় পৰম্পৰাৰো এক নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হয়। উক্ত শোভাযাত্ৰাৰ জৰিয়তে তামুলপুৰৰ লগতে মহাবিদ্যালয় খনৰ ঐক্য, শান্তি, একতা তথা শিক্ষাৰ মানদণ্ডৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰাৰ প্ৰচেষ্টা বুলি মহাবিদ্যালয়ৰ অধ্যক্ষ ড⁰ যোগেন বড়োৱে জানিবলৈ দি তেওঁ কয় যে-- আজিৰ এই শোভাযাত্ৰাৰ অন্তত এখন বটাঁ বিতৰণী সভা অনুষ্ঠিত কৰি যোৱা ৫ ডিচেম্বৰৰ পৰা অনুষ্ঠিত মহাবিদ্যালয় সপ্তাহৰ সামৰণি পৰে।




No comments