Breaking News

মুখ্যমন্ত্ৰীৰ গোলাঘাট ভ্ৰমণক কেন্দ্ৰ কৰি আৰক্ষীয়ে গোলাঘাট নগৰত যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে ।

 


ডিজিটেল সংবাদ,গোলাঘাটঃ ৯ ডিচেম্বৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গোলাঘাট ভ্ৰমণক কেন্দ্ৰ কৰি আৰক্ষীয়ে গোলাঘাট নগৰত যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে । সেই অনুসৰি এৰেঙাপাৰা চাৰিআলিৰ পৰা চিভিল হস্পিটেল হৈ টোকানি পাৰ্কলৈকে ৱান ৱে হ'ব । পুৱা ৭ বজাৰ পৰা দিনৰ ১২ বজালৈ এৰেঙাপাৰা চাৰিআলিৰ পৰা টোকানি পাৰ্কৰ ফালে যানবাহন চলাচলৰ অনুমতি থাকিব । এৰেঙাপাৰা চাৰিআলিলৈ যাবলৈ হিন্দী স্কুল চাৰিআলি, বৰতল আৰু এৰেঙাপাৰা হৈ যাব লাগিব । লোকাবৰা পইণ্টৰ পৰা বেঙেনাখোৱা চাৰিআলিলৈ পুৱা ৭ বজাৰ পৰা দিনৰ ১২ বজালৈ ৱান ৱে হৈ থাকিব । বেঙেনাখোৱাৰ দিশত যাবলগীয়া বাহনসমূহ বাওঁফালে বাগিচা আলি আৰু তাৰ পৰা বেঙেনাখোৱা-তৰফাৎ ৰোডৰ ফালে যাব লাগিব । হিন্দী স্কুল চাৰিআলিৰ পৰা পানী টেংকি চাৰিআলিলৈ পুৱা ৭ বজাৰ পৰা দিনৰ ১২ বজালৈ ৱান ৱে হৈ থাকিব ।নগৰৰ ভিতৰত কোনো গধুৰ যানবাহন চলাচলৰ অনুমতি দিয়া নহ'ব । দেৰগাঁৱৰ দিশৰ পৰা অহা গধুৰ যানবাহনসমূহ পুলিবৰ তিনিআলিৰ পৰা শালমিৰা বাইপাছৰ ফালে যাব লাগিব ।

No comments