Breaking News

জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~একাদশ খণ্ড


  
মা’ৰ লগত এদিন চহৰৰ ভিতৰতে থকা মণিপাল বিশ্ববিদ্যালয়ৰ সীমাৰ ভিতৰত অৱস্থিত ভেনুগোপাল মন্দিৰটো চাবলৈ গৈছিলোঁ। দক্ষিণ ভাৰতীয় শৈলীৰ স্থাপত্যত নিৰ্মিত ভেনুগোপাল মন্দিৰটো মণিপাল চহৰৰ এক বিখ্যাত আকৰ্ষণ।
                          

(মালবিকা শৰ্মা, ভুবনেশ্বৰ)


    কি যে গৰম বতৰটো। ডিচেম্বৰ মাহত আন ঠাইত মানুহবোৰ জাৰত পেপুৱা লাগি আছে আৰু ইয়াত ফেন নহ’লে দেখোন থাকিবই নোৱাৰি। ৰাতি অৱশ্যে গৰমটো কমি আহে বাবে কিছু শান্তিত থাকিব পৰা যায়। ঘৰৰ কামত সহায় কৰা মানুহজনীক গৰমৰ বিষয়ে কোৱাত তাই দুই এটা হিন্দি শব্দ আৰু আকাৰে ইংগিতেৰে মোক বুজালে, এইয়া কি গৰম। আচল গৰমটো এপ্ৰিল, মে মাহতহে আহিব। মই ভাৱিলো মৰিলো আৰু। এপ্ৰিল, মে মাহত তাৰমানে মুৰত বৰফ দি থাকিব লাগিব। সোনকালে ইয়াৰপৰা যোৱাই ভাল দেখোন। পিছে গৰমেই হওক বা যিয়েই নহওক, লাহে লাহে এই সৰু চহৰখন ভাল লাগি আহিছে। চাৰিওপিনে এটা শান্ত শিষ্ট পৰিবেশ। অসমৰ দৰে অবৈধ অনুপ্ৰৱেশকাৰীৰ ভিৰ ইয়াত যিহেতু নাই, সেয়ে একো ভিৰ, চিঞৰ-বাখৰো এতিয়ালৈকে দেখা নাই। সৰু চহৰখনত গছ গছনি বহুত থকা বাবেই চৰাই চিৰিকতিয়ো বহুত। ৰাতিপুৱাৰ পৰাই চৰাইবোৰৰ কিচিৰ মিচিৰ শব্দই মনটো ভাল লগাই থাকে। 

   মা আমাৰ ওচৰলৈ অহাৰ পৰা সময়বোৰ ভালদৰে পাৰ হ’ব লাগিছে। আগতে আমি দুটা থাকোতে দুয়ো মেচত থকা দিছিলোঁ। নিজৰ নিজৰ ৰূমত সোমাই নিজৰ কাম কাজ লৈ ব্যস্ত হৈ আছিলোঁ। এতিয়া মা থকাত একেলগে বহি কথা পতা, টিভি চোৱা, খোৱা-বোৱা কৰি ঘৰত থকা যেন লগা হৈছে। ঘৰখনত অভিভাৱক থাকিলে এক নিৰাপদ বোধ অনুভূত হয়। শ্ৰীমান আৰু ছোৱালীজনীও কিছুদিনৰ বাবে আহিলে ইমান যে ভাল লাগিল হয়। কিন্তু কি কৰা যায়। বিচৰা মতে সকলো কাম হৈ নুঠে। ল’ৰা-ছোৱালীহাল সৰু হৈ থাকোতে বছৰটোৰ শেষৰ পিনে আমি প্ৰত্যেক বছৰ একোখনকৈ দেশ ভ্ৰমন কৰিবলৈ গৈছিলো। এতিয়া সকলোবোৰ স্মৃতি মাথো।

     মা’ৰ লগত এদিন চহৰৰ ভিতৰতে থকা মণিপাল বিশ্ববিদ্যালয়ৰ সীমাৰ ভিতৰত অৱস্থিত ভেনুগোপাল মন্দিৰটো চাবলৈ গৈছিলোঁ। দক্ষিণ ভাৰতীয় শৈলীৰ স্থাপত্যত নিৰ্মিত ভেনুগোপাল মন্দিৰটো মণিপাল চহৰৰ এক বিখ্যাত আকৰ্ষণ।  ইয়াৰ সুন্দৰ বিশাল পৰিসৰত দৰ্শনাৰ্থীয়ে সঘনাই মন্দিৰটো চাবলৈ আহি থাকে আৰু পথচাৰীৰ দৃষ্টিও দুৰৰ পৰাই এই মন্দিৰটোৱে আকৰ্ষণ কৰে। 

    এই মন্দিৰৰ অধ্যক্ষ দেৱতা হৈছে ভগৱান শ্ৰীকৃষ্ণ যাক ভগৱান ভেনুগোপাল বুলি পূজা কৰা হয়। ভেনুগোপাল মন্দিৰ কৰ্ণাটকৰ মণিপাল অঞ্চলৰ এক আৱশ্যকীয় স্থান।  ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ সুন্দৰ মূৰ্তি আৰু ইয়াৰ স্থাপত্য সুন্দৰ ৰূপত নিৰ্মাণ কৰা হৈছে। ভেনুগোপাল মন্দিৰত দিনে তিনিবাৰকৈ ভগৱান শ্ৰীকৃষ্ণৰ কৰা আৰু আৰতি হয়। প্ৰতি বছৰে শ্ৰীকৃষ্ণ জন্মোৎসৱৰ উৎসৱ ইয়াত অতি উদ্যমেৰে পালন কৰা হয়। ভগৱান শ্ৰীকৃষ্ণৰ উপৰিও ভক্তই ভগৱান মহাদেৱ, দেৱী দুৰ্গা, ভৈৰৱ দেৱতা, শনি দেৱতা, হনুমান আদিৰ সুন্দৰ মূৰ্তিবোৰ প্ৰত্যক্ষ কৰিব পাৰে। মন্দিৰটোৰ চাৰিওপিনে থকা সুন্দৰ সযত্নপালিত ফুলৰ বাগিছাখনে মনটো জুৰ পেলায়।

(আগলৈ)

No comments