Breaking News

ৰাজ্যত আকৌ এবাৰ ভয়াবহ ৰূপত বীমা কলেংকাৰী ।

 


ডিজিটেল ডেস্ক: 
মৃত ব্যক্তিৰ নাম  ব্যৱহাৰ কৰি বীমা পলিচি ক্ৰয় কৰি এচাম প্ৰৱঞ্চক চক্ৰই বীমা কোম্পানীক উদং কৰি কোটি টকাৰ আত্মহাৎ কৰা ঘটনা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে একো নতুন নহয় ।অসম উত্তৰ -পূৰ্বাঞ্চলত সংঘটিত হোৱা পাঁচশ টকীয়া কলেংকাৰী চি.বি.আই তদন্ত বিচাৰি কেইবাবছৰৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়লয়ত ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ ভিত্তিত গোচৰৰ শুনানী হৈছে চি.বি.আইৰ পৰিবৰ্তে ৰাজ্যৰ আৰক্ষীক বীমা কলেংকাৰী তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল উচ্চ ন্যায়লয়ে।কিন্তু ইয়াৰ পিছতো কোটি টকীয়া কলেংকাৰী বন্ধ নহল বৰঞ্চ এইবাৰ মৃতলোকৰ নামত ডাম্পাৰ ,এক্সভেটৰ,ফকলেন আদি বাহন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ ক্ৰয় কৰাত নামি  পৰিছে  বীমা কলেংকাৰী চক্ৰৰ এজেন্ট সকলে মৃত ব্যক্তিৰ তথ্য সংগ্ৰহ কৰি বিশেষকৈ নামনি অসমৰ চৰাঞ্চল ,পশ্চিম কাৰ্বি আংলং ,গোৱালপাৰা, গাৰোপাহাৰ ,অৰুণাচল আদি অঞ্চলৰ মৃত ব্যক্তিৰ আধাৰ কাৰ্ড, পাণ  কাৰ্ড সংগ্ৰহ কৰি ফটোখন আঁতৰাই নতুন ব্যক্তি এজনৰ ফটো লগোৱা হয় আৰু এনে কাৰ্ডৰ দ্বাৰা প্ৰৱঞ্চক চক্ৰই তৈয়াৰ কৰে ইনকাম টেক্সৰ ফাইল নতুন বেংক একাউণ্ট খোলা হয় ।মৃত ব্যক্তিৰ নামত ক্ৰয় কৰা বাহনসমূহ আকৌ একেটা চক্ৰই আনক বিক্ৰী কৰা পাছতে সকলো প্ৰমাণপত্ৰ নষ্ট কৰাৰো উদাহৰণ  আছে।মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই বীমা কলেংকাৰী লগত জড়িত কইজনমান অভিযুক্তক গ্ৰেপ্তাৰ কৰে ।কিন্তু তদন্ত এতিয়াও গভীৰতালৈ আগবঢ়া নাই।

No comments