Breaking News

তামুলপুৰত আহি আছে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ।

 


ডিজিটেল সংবাদ, তামুলপুৰ:
তামুলপুৰত আহি আছে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। জুৱিনক আদৰিবলৈ উখল মাখল পৰিবেশ তামুলপুৰৰ দৰঙ্গাপাৰ শিমুলুবাৰী অঞ্চল।তামুলপুৰ জিলাৰ দৰঙ্গাপাৰ শিমুলুবাৰীত অহা ২৭ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগীয়া পঞ্চম বাৰ্ষিক "পুষুণা মেলা"ৰ বাবে আজি এখন সাধাৰণ সভা অনুষ্ঠিত কৰি মেলা পৰিচালনা কৰাৰ বাবে এখন উপ-সমিতি গঠন কৰা হয়। উল্লেখ্য যে প্ৰতিবছৰে উক্ত অঞ্চলত ভূটান, বাংলাদেশ, নেপাল, অৰুণাচল, চিকিমকে আদি কৰি বিভিন্ন দেশ বিদেশৰ কেইবা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত কোঁচ ৰাজবংশীৰ জনগোষ্ঠীয় উৎসৱ পুষুণা মেলা অনুষ্ঠিত কৰি আহিছে যদিও এইবেলি উক্ত মেলাত নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক আমন্ত্ৰণ জনোৱাৰ জো-যা চলোৱা বাবে সমগ্ৰ অঞ্চলজুৰি এক আনন্দৰ জোৱাৰ উঠিছে।   আজিৰ এই সভাৰ লগত সংগতি ৰাখি আগন্তুক পুষুণা মেলা সমিতিৰ সভাপতি তথা BTR-ৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ জনপ্ৰিয় এমচিএলএ বিজিত গৌৰা নাৰ্জাৰীয়ে উক্ত অঞ্চলৰ শতাধিক মহিলাক কোঁচ ৰাজবংশী জনগোষ্ঠীয় "পাতানি" বিতৰণ কৰে।

No comments