Breaking News

মোডীয়ে মৰবি ভ্ৰমণত ৩০ কোটি টকা খৰচ কৰিছিল! অভিযোগ তৃণমূল কংগ্ৰেছ নেতাৰ



টিএমচি নেতা সাকেত গোখলেক গুজৰাট আৰক্ষীয়ে তেওঁৰ কৰা এটা  টুইটৰ বাবে গ্ৰেপ্তাৰ কৰিছে। তেওঁ  দাবী কৰিছিল যে মোডীয়ে মৰবি ভ্ৰমণত ৩০ কোটি টকা খৰচ কৰিছিল।

আজি টিএমচিৰ সাংসদ ডেৰেক অ'ব্ৰায়েনে টুইট কৰি কয় যে দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ চাকেত গোখলেক গুজৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গোখলক নতুন দিল্লীৰ পৰা নিশা ৯ বজাৰ বিমান লৈ ৰাজস্থানৰ জয়পুৰত উপস্থিত হওঁতেই গুজৰাট আৰক্ষী গ্ৰেপ্তাৰ কৰে সাকেত গোখলেক।

ডেৰেকে লগতে কয় যে আৰক্ষীয়ে কাঢ়ি নিয়াৰ পিছত, তেওঁ ৰাতিপুৱা দুবজাত মাকক ফোন কৰি জনায় যে তেওঁক আৰক্ষীয়ে আহমেদাবাদলৈ লৈ গৈছে আৰু মঙলবাৰে দুপৰীয়াৰ ভিতৰত তাত উপস্থিত হ'ব।

গোখলেক মৰবি দলং খহি পৰাৰ ওপৰত কৰা টুইটৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।


গোখলেৰ টুইট





গোখলেগুজৰাট সংবাদ নামৰ এক নামহীন গুজৰাটী প্ৰকাশনৰ এটা বাতৰি প্ৰবন্ধ শ্বেয়াৰ কৰিছিল, য'ত কোৱা হৈছিল যে প্ৰধানমন্ত্ৰী মোডীৰ মৰবি ভ্ৰমণত ৩০ কোটি টকা ব্যয় কৰা হৈছে। অৱশ্যে, বিজেপিয়ে এই কথা নসাৎ কৰি কয় যে এনে কোনো প্ৰতিবেদন প্ৰকাশ কৰা হোৱা নাই, এনে কোনো আৰটিআই উত্তৰ নাই, আৰু গুজৰাট সংবাদেও এনে প্ৰতিবেদন প্ৰকাশ কৰাৰ কথা অস্বীকাৰ কৰিছে।


No comments