Breaking News

সোণাৰিত সেনাৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত


ডিজিটেল সংবাদ, সোণাৰিঃ
 সোণাৰিত সেনাৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত ভাৰতীয় সেনাৰ জয়পুৰ বেটেলিয়নৰ ৰেড শ্বিল্ড ডিভিছনৰ উদ্যোগত আজি সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। মহাৰাষ্ট্ৰৰ  ৱৰ্ল্ড বৰ্ডাৰলেছ ফাউণ্ডেচনৰ সহযোগত আয়োজন কৰা স্বাস্থ্য শিবিৰ উদ্বোধন কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই। ৱৰ্ল্ড বৰ্ডাৰলেছ ফাউণ্ডেচনৰ মুঠ ৯ জন বিশেষজ্ঞ চিকিৎসকৰ লগতে ডিব্ৰুগড়ৰ লায়ন্স কে কে চহৰীয়া আই হস্পিটেলৰ আৰু চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ চিকিৎসকে শিবিৰটোত যথেষ্ট সংখ্যক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষড়ৰ যোগান ধৰে। 

No comments