Breaking News

দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্র বিন্দু হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান


 ডিজিটেল ডেস্কঃ 
দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্র বিন্দু হৈ পৰিছে  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ..জৈৱ-বৈচিত্ৰৰে ভৰপূৰ কাজিৰঙাৰ এশিঙীয়া গঁড় ইয়াৰ অন্যান্য জীৱ-জন্তু আৰু প্ৰাকৃতিক পৰিৱেশে পৰ্যটকক আকৰ্ষণ কৰি আহিছে। বহুতেই কাজিৰঙাতেই পাৰ কৰিব বিচাৰে নিশা।পৰ্যটকৰ বাবে আহিছে আন এক ভাল খবৰ।ৰাজ্যৰ পৰ্যটন উন্নয়ন নিগমে লৈছে বিশেষ সিদ্ধান্ত। কাজিৰঙালৈ অধিক পৰ্যটকক আকৰ্ষণৰ বাবে কাজিৰঙাত নিৰ্মাণ কৰা হ'ব এখন বিলাসী পঞ্চতাৰকাযুক্ত ৰিজ'ৰ্ট। পঞ্চতাৰকাযুক্ত এই বিলাসী ৰিজ'ৰ্টখন নিৰ্মাণৰ বাবে বোকাখাত মহকুমা প্ৰশাসনে হাতীখুলী চাহ বাগিচাৰ সংলগ্ন ৩০ বিঘা ভূমি নিগমলৈ হস্তান্তৰো কৰিছে ..ইতিমধ্যে  পৰ্যটন নিগমে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে।। 

No comments