Breaking News

নলবাৰীত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।


ডিজিটেল সংবাদ, নলবাৰীঃ 
নলবাৰীত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। নলবাৰী সৰিয়হতলীত ২০১২ চনত আধাৰশিলা স্থাপন হোৱা তাৰকাগৃহৰ সূদীৰ্ঘ দহবছৰ পিছত আনুষ্ঠানীকভাৱে শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।উন্নয়ণৰ এক পষেক শীৰ্ষক লক্ষ্য লৈ ৰাজ্য চৰকাৰে আজি নলবাৰীত ৩৭৮.৪৩ কৌটি ব্যয় সাপেক্ষে কেইবাটাও বৃহৎ প্ৰকল্পৰ শিলন্যাস কৰা হয় নলবাৰীত।প্ৰথমতে নলবাৰী সৰীয়হতলীত থকা উত্তৰ পূবৰ প্ৰথমটো 3 D তাৰকাগৃহ ৰ আনুষ্ঠানিকভাৱৃ মুকলি কৰা হয়।মুকলি কৰে মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।।ইয়াৰ পিছতে তেও ছাত্ৰ-ছাত্ৰীৰ সৈতে একেলগে তাৰকাগৃহত প্ৰদশৰ্নী উপভোগ কৰে।উক্ত অনুষ্ঠানত উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা,নলবাৰীৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ,বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত,পঞ্চায়ত আৰু গ্ৰামোনয়ন মন্ত্ৰী ৰঞ্জিত দাসকে প্ৰমূখ্য কৰি জিলাখনৰ প্ৰায় প্ৰতিটো বিভাগৰ মূৰব্বী বিষয়া সকল উপস্থিত থাকে।                                                   

No comments