Breaking News

শিৱসাগৰৰ সীমান্তৱৰ্তী গেলেকীত চুৰি তেল জব্দ


 ডিজিটেল সংবাদ, শিৱসাগৰঃ 
শিৱসাগৰৰ সীমান্তৱৰ্তী গেলেকীত চুৰি তেল জব্দ  চোৰাং তেল ভৰ্তি দুটা বেৰেল জব্দ আৰু তিনি জনক জেললৈ প্ৰেৰণ  শিৱসাগৰৰ সীমান্তৱৰ্তী গেলেকীত বাহন সহ চুৰি তেল জব্দ আৰু তিনি জনক আটক । শিৱসাগৰৰ নাজিৰা মহকুমা সীমান্তৱৰ্তী গেলেকীত দীৰ্ঘদিনৰে পৰা বৃদ্ধি পাই আহিছে চোৰাং তেলৰ ৰমৰমীয়া ব্যৱসায় । প্ৰাপ্ত তথ্য অনুসৰি নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ নেতৃত্বৰ তথা গেলেকী আৰক্ষী থানা সহযোগত এক অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় দুটা তেল ভৰ্তি বেৰেল । AS 06 BC 5494 নম্বৰৰ এখন বলেৰ বাহনত চোৰাংকৈ সৰবৰাহ কৰি থকা অৱস্থাত তিনি জনকৈ লোকক বাহন সহ কৰায়ত্ব কৰে অভিযানকাৰী আৰক্ষীৰ দলে । ধৃত লোক কেইজন ক্ৰমে চাদ্দাম হুছেইন, কমল লিম্বু আৰু কেশৱ শৰ্মা বুলি আৰক্ষী সূত্ৰই সদৰি কৰিছে । অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তেওঁ লোকক নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই । আদালতে তিনিও জন অভিযুক্তকে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

No comments