Breaking News

মেৰাপানীৰ থানাৰ অন্তৰ্গত ৰতনপুৰ গাঁও পঞ্চায়তৰ উদ্যোগত ৰাসলীলা আৰু পূৰ্ণাগ নাটক প্ৰদৰ্শনৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছে।


 ডিজিটেল সংবাদ, মেৰাপানীঃ
গোলাঘাট জিলাৰ মেৰাপানীৰ  থানাৰ অন্তৰ্গত ৰতনপুৰ গাঁও পঞ্চায়তৰ ২ নং চৰাইমাৰী  সাৰ্বজনীন শ্ৰী শ্ৰী মন্দিৰৰ উদ্যোগত অহা ৮ আৰু ৯ ডিচেম্বৰত দুদিনীয়াকৈ  শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা আৰু পূৰ্ণাগ নাটক প্ৰদৰ্শনৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছে।মোছৰভঙ্গা ৰূপালীম ৰঙ্গমঞ্চত অনুষ্ঠিত হ'ব লগা শ্ৰীমন্ত শংকৰজ্যোতি আঞ্চলিক কলামঞ্চ,লক্ষীবাৰী  ৰ শিল্পী সকলে পৰিৱেশন কৰিব লগা প্ৰথম দিনা নন্দেশ্বৰ দত্ত , জগত বৰবৰুৱা আৰু প্ৰাঞ্জল শইকীয়াৰ  পৰিচালনাত শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা আৰু দ্বিতীয় দিনা প্ৰবীন ফুকনৰ ৰচিত আৰু গকুল বৰাৰ পৰিচালনাত মৰমৰ ঘৰ নাটক খন মঞ্চস্থ কৰা হ'ব।উক্ত নাটকখনত অভিনয় ৰূপত দেখিবলৈ পাব জনপ্ৰিয় কৌতুক অভিনেতা অৰুণ হাজৰিকাক।তদুপৰি মূল নাটক প্ৰাকমূহুত্বত শংকৰজ্যোতি দত্তৰ পৰিচালনাত "শংকৰদেৱ নামৰ নৃত্য-নাটিকাখন মঞ্চস্থ কৰা হ'ব।

No comments