Breaking News

আফগানিস্তানত তালিবানে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰীক নিষিদ্ধ কৰাক লৈ তীব্ৰ প্ৰতিবাদ..


ডিজিটেল ডেস্ক: আফগানিস্তানত তালিবানে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰীক  নিষিদ্ধ কৰাক লৈ তীব্ৰ প্ৰতিবাদ..উচ্চ শিক্ষাৰ ক্ষেত্ৰত মহিলাক নিষিদ্ধ কৰাৰ ক্ষেত্ৰত শ্ৰেণী বৰ্জন কৰাৰ লগতে প্ৰতিবাদত নামি পৰিছে ছাত্ৰ সকল..  তালিবানে উচ্চ শিক্ষাৰ ক্ষেত্ৰত মহিলা ছাত্ৰীক নিষিদ্ধ ঘোষণাৰ পাছত ছাত্ৰ সকলেও শ্ৰেণী কোঠা বৰ্জন কৰিছে বুলি প্ৰতিবাদত মত প্ৰকাশ কৰে,লগতে কয় যে ছাত্ৰী সকলক শিক্ষাৰ সুবিধা কৰি নিদিয়ালৈকে ছাত্ৰ সকলো শ্ৰেণী কোঠাত উপস্থিত নথকাৰ হুংকাৰ দিয়ে....সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ছাত্ৰ কেইগৰাকীয়ে কয় যে বিশ্ববিদ্যালয়ৰ দুৱাৰ আমাৰ ভগ্নী সকলৰ বাবে বন্ধ কৰি দিছে ,ভগ্নী সকলক শিক্ষাৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত আমিও শ্ৰেণী বৰ্জন কৰিছোঁ।এই পদক্ষেপক আমেৰিকা কানাডা জাৰ্মান জাপান ফ্ৰান্স গ্ৰেট ব্ৰিটেইন অষ্ট্ৰেলিয়া আদি বহু দেশে তীব্ৰ সমালোচনা কৰিছে ।কাবুল বিশ্বিদ্যালয়ৰ বহু সংখ্যক অধ্যাপকে তালিবানৰ ছাত্ৰীক উচ্চ শিক্ষাৰ পৰা বঞ্চিত কৰি আৰোপ কৰা নিষেধাজ্ঞা পুনৰ বিবেচনা কৰি ইয়াক প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়।

No comments