Breaking News

ধুবুৰীত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত বলিদান দিৱস পালন ।


 ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰী চহৰৰ মাজমজিয়াৰ সন্ধিয়া পাঁচমোৰত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰৰ উদ্যোগত "বলিদান দিৱস" পালন কৰা হয়।উল্লেখ্য যে, ২১ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰ - এসপ্তাহতে শিখ ধৰ্মৰ অন্তিম গুৰু, গুৰু গোৱিন্দ সিংৰ সম্পূৰ্ণ পৰিয়ালক নৃশংস্য ভাৱে হত্যা কৰিছিল মোগল সম্ৰাট ঔৰংজেৱে।   ২১ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰ - এই ৭দিন দেশ আৰু সমাজৰ বাবে নিজৰ জীৱন বলিদান দিয়া গুৰু গোৱিন্দ সিংৰ সুঁৱৰি সমগ্ৰ দেশজুৰি"শোক সপ্তাহ" পালন কৰা হয়। আনহাতে, এই শোক সপ্তাহৰ ষষ্ঠ দিনা; অৰ্থাৎ আজিৰ এই ২৬ ডিচেম্বৰৰ দিনটোত গুৰু গোৱিন্দ সিংৰ দুই নাবালক পুত্ৰ ৪ বছৰীয়া বাবা জোৰাবৰ সিং আৰু ৬ বছৰীয়া বাবা ফতেহ সিংক জীৱন্তে বেৰত পুতি হত্যা কৰিছিল মোগলে। তাৰেই সৈতে সংগতি ৰাখি আজি বাবা জোৰাবৰ সিং আৰু বাবা ফতেহ সিংৰ নিৰ্ভীকতাক স্মৰণ কৰি আজি "বলিদান দিৱস" পালন কৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰে। 

No comments