Breaking News

ধুবুৰী সাহিত্য সভাৰ গৌৰবোজ্জল শতবৰ্ষৰ আৰম্ভনি অনুষ্ঠান অনুষ্ঠিত হয়


 ডিজিটেল সংবাদ, ধুবুৰী:
ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত।ধুবুৰী শাখা সাহিত্য সভাৰ সভাপতি উদয়ন চক্ৰৱৰ্তীৰ লগতে উপায়ুক্তকে ধৰি ১০০ খন সাহিত্য সভাৰ পতাকা উত্তোলন কৰা হয়।১৯২৩ চনত স্থাপিত হোৱা ধুবুৰী সাহিত্য সভা ২০২৩ চনত বৰ্ণিল যাত্ৰা সামৰি শতবৰ্ষ অতিক্ৰম কৰিব।ধুবুৰী চহৰৰ স্বনামধন্য ব্যক্তি সীমান্ত প্ৰহৰী প্ৰয়াত প্ৰমথনাথ চক্ৰৱৰ্তী সেই সময়ৰ বৰন্য ব্যক্তি সকলৰ আশাসুধীয়া প্ৰচেষ্টাতে ধুবুৰী সাহিত্য সভাৰ প্ৰতিষ্ঠা হয় আৰু ধুবুৰী জিলাৰ লগতে সমগ্ৰ নামনি অসমতে অসমীয়া ভাষা সাহিত্য আৰু সাংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে নিৰবচ্ছিন্ন প্ৰচেষ্টাৰ ফল।ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰা ধুবুৰীৰ চহৰৰ বিভন্ন পথ অতিক্ৰম কৰি এক শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হয়।উক্ত শতবৰ্ষ অনুষ্ঠান আজিৰে পৰা এবছৰলৈ বিভিন্ন কাৰ্যসুচীৰে চলি থাকিব বুলি ধুবুৰী সাহিত্য সভাৰ তৰফৰ পৰা সদৰী কৰে।

No comments