Breaking News

গোলাঘাট জিলাৰ মৈত্ৰী সংঘত সমবায় সমিতি সমূহৰ সভাপতি আৰু সম্পাদক সকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে

 


ডিজিটেল সংবাদ, গোলাঘাট: আজিৰ পৰা গোলাঘাট জিলাৰ মৈত্ৰী সংঘ ত  গোলাঘাট জিলৰ সমবায় সমিতি সমূহৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে সমবায় সমিতি সমূহৰ সভাপতি আৰু সম্পাদক সকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে Developing PACS in to Multipurpose Societies বিষয়ক ৷ এই প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি (Master Trainer)  উপস্থিত থাকে Institue of Cooperative Management ৰ অধ্যাপক ড° প্ৰণৱ বৈশ্য ৷  সমবায়ৰ জৰিয়তে এখন দেশৰ এখন ৰাজ্যৰ কেনেকৈ উন্নতি কৰিব পাৰি, অসম তথা ভাৰতৰ গ্ৰাম্য অৰ্থনীতিত সমবায়ে কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিছে সেই বিষয়ে প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ কাৰ্যসূচীত আলোচনা কৰা হয় ৷ প্ৰশিক্ষণ কাৰ্যসূচীৰ আঁত ধৰে বিভাগৰ কণিষ্ঠ পৰিদৰ্শক অলকেশ চক্ৰবৰ্ত্তী ৷ প্ৰশিক্ষাৰ্থী সকলৰ সৈতে উপস্থিত থাকে বিভাগীয় বিষয়া মাখন দুৱৰা,মুক্তাৰ হুছেইন,নৱজিৎ শৰ্মা কে আদি কৰি ভালেকেইগৰাকী বিষয়া ৷ উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ "ক" শ্ৰেণীৰ সমবায় সমিতি ঢেকিয়াল সমবায় সমিতি,আঠগাঁও,খুমটাই,কমাৰবন্ধা,দক্ষিণ মৰঙী,টেঙানি,তৰাণি কে আদি কৰি জিলাখনৰ ভালেকেইখন সমবায় সমিতি ৰ সভাপতি আৰু সম্পাদক সকলে ভাল লয় ৷

No comments