Breaking News

শিৱসাগৰৰ আমগুৰি পৌৰ কৰ্মচাৰীৰ তিনি দিনীয়া ধৰ্মঘট


ডিজিটেল সংবাদ, শিৱসাগৰ:
ৰাজ্যৰ অন্যান্য পৌৰ কৰ্মচাৰী সকলৰ লগতে  শিৱসাগৰৰ আমগুৰি পৌৰ কৰ্মচাৰী সকলেও আজিৰ পৰা তিনি দিনীয়া ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে ৷ পৌৰ কৰ্মচাৰী সকলে পুৱা পাঁচ বজাৰ পৰা ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে কাৰ্যালয়ৰ সন্মুখত অৱস্হান কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ পৌৰ কৰ্মচাৰী সকলে ছমাহৰ পৰা সুদীৰ্ঘ সাতত্ৰিশ মাহ পৰ্যন্ত দৰমহা নোপোৱাকৈ আছে । তেওঁলোকৰ আঠ দফীয়া দাবীৰ সমৰ্থনত আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে সৰ্বাত্মক ধৰ্মঘট । নিয়মীয়াকৈ বেতন দিয়া, পৌৰ কৰ্মচাৰী সকলৰ চাকৰি চৰকাৰীকৰণৰ ব্যৱস্হা কৰা, ৰাজ্য চৰকাৰৰ প্ৰস্তাৱিত পৌৰ সেৱা কেডাৰত পৌৰ সভাত কৰ্মৰত অভিযন্তা আৰু গাণনিক সকলক নিৰ্ধাৰিত পদ সমূহত অগ্ৰাধিকাৰ ভিত্তিত নিযুক্তি প্ৰদানৰ ব্যৱস্হা, হৰিজন আৰু চাফাই কৰ্মচাৰী সকলৰ লগতে ফিক্সড পে আৰু ঠিকা ভিত্তিত নিয়োজিত সকলক শীঘ্ৰে নিয়মীয়াকৰণ কৰি  নিয়মীয়া পে স্কেল দিয়া, ২০১৩ চনত কেবিনেটে অনুমোদন কৰা পৌৰ সভাৰ  নিৰ্ধাৰিত কৰ্মচাৰীৰ গাঁথনিৰ চৰকাৰী অধিসূচনা জাৰি, পৌৰ কৰ্মচাৰীৰ চাকৰি চৰকাৰী কৰণ কৰা আৰু অৱসৰপ্ৰাপ্ত পৌৰ কৰ্মচাৰীৰ অনাদায় দৰমহা, গ্ৰেচুইটি, লিভ চেলাৰী আৰু অন্যান্য সা-সুবিধা সমূহ আদায় দিয়াৰ বাবদ এক বিশেষ পুঁজিৰ আবণ্টন দিয়া দাবীৰ সমৰ্থনত তেওঁলোকে ধৰ্মঘট কাৰ্য্যসূচী পালন কৰিছে ।

No comments