Breaking News

ভাৰত চীন সীমান্তত বৃদ্ধি পোৱা উত্তেজনাক লৈ মৌনতা অৱলম্বন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

                                                             


                    

ডিজিটেল ডেস্ক.. ভাৰত চীন সীমান্তত চীনা সৈন্যই হঠাৎ ভাৰতীয় সেনাৰ ওপৰত  চলোৱা আক্ৰমণত সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰই গৰিহণা দিছে। একমাত্ৰ ৰাছিয়াৰ লগত ভাৰত আৰু চীনৰ সৌহাদ্যমূলক সুম্পৰ্ক আছে, সেইয়ে চীন আৰু ভাৰতৰ সংঘাতৰ ক্ষেত্ৰত ৰাছিয়াই সদাই নিৰপেক্ষতা অৱলম্বন কৰি আহিছে ।ভাৰতবৰ্ষৰ  প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনা সন্দৰ্ভত আজিলৈকে  মুকলিকৈ একো মন্তব্য প্ৰকাশ কৰা নাই , সংসদৰ সদনলৈ দিয়া বিবৃতিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰতীয় সৈন্যই চীনৰ পিপলছ লিবাৰেচন  আৰ্মিক একপক্ষীয়ভাৱে বৰ্তমানৰ স্থিতি সলনি কৰাৰ ক্ষেত্ৰত সফলতাৰে প্ৰতিহত কৰিছে।বিগত সময়ত লাডাখৰ সীমান্তৰ কেইবাটাও স্থান চিনে আগ্ৰাসন কৰি আহিছে, চীনৰ বিষয়টো চৰকাৰে গুৰুত্ব সহকাৰে লৈছে নে ? শেহতীয়াকৈ সংঘটিত হোৱা  সীমান্তৰ ওপৰত আলোচনা কৰাৰ দাবী তুলিছে বিৰোধী পক্ষই। ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয়টো চৰকাৰে পুনৰ এৰাই চলিছে, লাডাখৰ ভূ খণ্ড হেৰুওৱাৰ অভিযোগৰ লগতে চীন ভাৰতৰ মাজত সংঘাতৰ বিষয় সমূহ লক্ষণীয় হৈ পৰিছে ।

No comments