Breaking News

বিজনীৰ বল্লমগুৰীত অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক মহেন্দ্ৰ বৰ্মনক বিদায়ী সম্বৰ্ধনা জ্ঞাপন


ডিজিটেল সংবাদ, চিৰাংঃ
 বিজনীৰ বল্লমগুৰীত অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক মহেন্দ্ৰ বৰ্মনক বিদায়ী সম্বৰ্ধনা  জ্ঞাপন - বিজনী মহকুমা প্ৰাথমিক সন্মিলনীৰ  চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত  ২ নং অক্সীগুৰী প্ৰাথমিক বিদ্যালয়ত আজি উত্তৰ বল্লামগুৰী প্ৰভাতী সূৰুয প্ৰাথমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক মহেন্দ্ৰ বৰ্মনক লৈ বিদায়ী সভা অনুষ্ঠিত কৰে । আজিৰ বিদায়ী সম্বৰ্ধনা সভাত  উপস্থিত থাকে - ৰাজ্যিক শিক্ষক সন্মিলনীৰ  সদস্যা মনি নাৰ্জাৰী , বিজনী মহকুমা প্ৰাথমিক শিক্ষক   সন্মািলনীৰ সভাপতি ধনঞ্জয় ৰায়, কাৰ্য্যকৰী সভাপতি ভৱেন বৰ্মন, উপ সভাপতি মুকুল ৰায়, সম্পাদক নকুল বসুমতাৰী, সহকাৰী সম্পাদক বসন্ত ৰায়ৰ লগতে বল্লামগুৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ শিক্ষা গুৰু সকল। অৱসৰপ্ৰাপ্ত শিক্ষক মহেন্দ্ৰ বৰ্মন দেৱক এখন জাপি, শৰাই, ছাতি, ধৰ্মগ্ৰন্থ কোট চোলা, আৰু মান পত্ৰৰ লগতে শিক্ষাগুৰু সকলে বিহুগামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।

No comments