Breaking News

নুমলীগড়ৰ মৰঙি পথাৰত বনৰীয়া হাতীৰ কৰুণ মৃত্যু ৷


ডিজিটেল সংবাদ, নুমলীগডঃ
 নুমলীগড়ৰ মৰঙি পথাৰত বনৰীয়া হাতীৰ কৰুণ মৃত্যু ৷ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হাতীটোৰ ৷ নুমলীগড়ৰ কাষৰীয়া বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ মৰঙিৰ পাটকটীয়া গাৱঁৰ পথাৰত নিশা এটা বন্যহাতীৰ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু ঘটে ৷ নিশা হাতীৰ এটা জাক ধাননি পথাৰত প্ৰবেশ কৰি ধান খাই থাকোতে এটা হাতী পথাৰৰ মাজেৰে পাৰহৈ যোৱা বিদ্যুত পৰিবাহী দুটা খুটাৰ মাজত সোমাই যাওতে  বিদ্যুত পৰিবাহী তাঁৰ চিগি হাতীটো বিদ্যুতস্পৃষ্ট হয় ৷ যাৰ ফলত হাতীটো থিতাতে মৃত্যু হয় ৷ দীৰ্ঘদিনৰ পৰা পথাৰ খনত হাতীৰ এটা বৃহৎ জাকে ধাননি তহিলং কৰাৰ পিছতো বন বিভাগে কোনো ব্যবস্থা নোলোৱাৰ অভিযোগ ৷ বন বিভাগৰ গাফিলতিৰ বাবেই পুনৰ এটা হাতীৰ মৃত্যু হয় ৷

No comments