Breaking News

চৰাইদেউ জিলা পঞ্চায়ত সমল কেন্দ্ৰৰ প্ৰশাসনিক ভৱন তথা প্ৰশিক্ষাৰ্থীৰ আৱাস গৃহৰ আধাৰশিলা স্থাপন কৰে


ডিজিটেল সংবাদ, সোণাৰিঃ 
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি চৰাইদেউ জিলাৰ সোণাৰিত চৰাইদেউ জিলা পঞ্চায়ত সমল কেন্দ্ৰৰ প্ৰশাসনিক ভৱন তথা প্ৰশিক্ষাৰ্থীৰ আৱাস গৃহৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে চৰাইদেউ জিলাৰ সোণাৰি বানফেৰাত আয়োজিত আধাৰশিলা তথা নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী জনে জিলা পঞ্চায়ত সমল কেন্দ্ৰৰ প্ৰশাসনিক ভৱন তথা প্ৰশিক্ষাৰ্থীৰ আৱাস গৃহৰ যোগেদি গ্ৰাম্যাঞ্চলত জনসাধাৰণৰ হকে কাম কৰা পঞ্চায়ত প্ৰতিনিধি, কৰ্মচাৰী তথা জীবিকা সখী সকলে প্ৰশিক্ষণ লব পাৰিব বুলি মন্তব্য কৰে৷ অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, উপায়ুক্ত পল বৰুৱা প্ৰমুখ্যে অন্যান্য বিশিষ্ট অতিথি সকল উপস্থিত থাকে। 


No comments