Breaking News

ডি়জিটেল প্লেটফৰ্মৰ জৰিয়তে উন্মোচন গিৰিমল্লিকা শইকীয়াৰ সদ্যপ্ৰকাশিত গ্ৰন্থ “অনন্য অৰণ্য”


ডিজিটেল ডেস্ক:
 পৰিবেশকর্মী তথা বাতৰি কাকতৰ জনপ্ৰিয় স্তম্ভলেখিকা গিৰিমল্লিকা শইকীয়াৰ সদ্যপ্ৰকাশিত গ্ৰন্থ “অনন্য অৰণ্য” উন্মোচন কৰা হয়। কিছু ব্যতিক্ৰমী ভাৱে “ডিজিটেল প্লেটফর্ম”ৰ জৰিয়তে গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট  প্ৰথিতযশা সাহিত্যিক, শিক্ষাবিদ ডঃ নগেন শইকীয়াই । নিজৰ উন্মোচনী বক্তব্যত ডঃ শইকীয়াই কয় যে আমাৰ অসম খন অৰণ্য আৰু বন্যপ্ৰাণীৰ লীলা ভূমি যদিও সভ্যতাই ইহঁতক সংকোচন কৰি আনিছে৷  এনে পৰিস্থিতিত পৰিবেশ আৰু বন্যপ্ৰাণী সংক্ষণৰ বাবে লেখিকাই দায়িত্ব সহকাৰে বন্যপ্ৰাণী সংৰক্ষণৰ দিশত কাম কৰাৰ বাবে ড০ শইকীয়াই সন্তুষ্টি প্ৰকাশ কৰে। লগতে তেওঁৰ অগ্ৰজ সকলেও অনন্য অৰণ্য পঢ়ি বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত অনুপ্ৰাণিত হ'ব বুলি ব্যক্ত       কৰে।...সাতসৰী আলোচনীৰ সম্পাদক বিশিষ্ট লেখিকা অনুৰাধা শর্মা পূজাৰীয়ে তেখেতৰ শুভেচ্ছামূলক বক্তব্যত কয় যে আজিৰ পৃথিৱীত সকলোতকৈ মহৎ সাহিত্য সৃষ্টি হৈছে প্ৰকৃতি সংৰক্ষণক উদ্দেশ্যি সৃষ্টি হোৱা সাহিত্য সমূহ৷ সঁচা অন্তৰেৰে প্ৰকৃতিপ্ৰেমী নহ’লে এনে এখন গ্ৰন্থ প্ৰণয়ন কৰা সম্ভৱ নহয় বুলি তেখেতে মন্তব্য কৰে৷.........অন্যহাতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা বিশিষ্ট বন্যপ্ৰাণী গৱেষক ডঃ আনোৱাৰউদ্দিন চৌধুৰীয়ে গ্ৰন্থখনিৰ বিভিন্ন শিতান সমূহ আৰু কাৰিকৰী দিশ বোৰ আলোচনা কৰে৷ “অনন্য অৰণ্য” গ্ৰন্থখনিৰ প্ৰকাশক হ’ল “আঁকবাক” গ্ৰন্থখনিৰ মুল্য ২৯৯ টকা৷ গ্ৰন্থখনি সম্প্ৰতি অসমৰ গ্ৰন্থমেলা, গ্ৰন্থবিপনি আৰু অনলাইনতো উপলব্ধ হৈছে বুলি লেখিকাই জানিবলৈ দিছে। গ্ৰন্থখনিৰ সম্পৰ্কে লেখিকা গিৰিমল্লিকা শইকীয়াই নিজৰ বক্তব্য প্ৰদান কৰি কয় যে, সাম্প্ৰতিক সময়ত মানুহৰ উচ্চাকাংখ্যা আৰু বাধাহীন লালসাই প্ৰকৃতিৰ ওপৰত সৃষ্টি কৰিছে প্ৰচণ্ড হেচাৰ৷ আপাত ভাৱে পৰিবেশৰ সংৰক্ষণ আৰু জলবায়ু পৰিবর্তন সম্পর্কে জনগণৰ সচেতনতা কিছু বাঢ়িলেও এতিয়াও যেন আমাৰ চেতনাক আলোড়িত কৰিব পৰা যুগদ্ৰষ্টা, স্বপ্নদ্ৰষ্টা সকল সাৰ পাবলৈ বাকী৷ এই উপলব্ধিৰ প্ৰেক্ষাপটতে সৃষ্টি “অনন্য অৰণ্য” গ্ৰন্থখনিৰ৷  কেৱল নীৰস তথ্যৰ শ্ৰেণীবব্ধ উপস্থাপনেৰে প্ৰকৃতিক অধিক দুর্বোধ্য কৰি তোলাৰ পৰিবর্তে, এয়া হ’ল  লোক সাহিত্য আৰু আমাৰ সংস্কৃতিক আধাৰ কৰি প্ৰকৃতিৰ অধিক অন্তৰঙ্গ হোৱাৰ প্ৰচেষ্টা৷ জলবায়ু আৰু সমষ্ট জীৱজগতৰ সৈতে অসমৰ অৰণ্যৰাজী সংৰক্ষণৰ দিশত আপোনালোককো সহযাত্ৰী হিচাপে আশা কৰি  “অনন্য অৰণ্য” গ্ৰন্থখনি পাঠকলৈ আগবঢ়োৱা বুলি লেখিকাগৰাকীয়ে উল্লেখ কৰে। 

No comments