Breaking News

মিনাক্ষী শইকীয়া বৰাৰ গল্প সংকলন ‘নিৰ্জনতাত নিজৰমুখ’


ডিজিটেল সংবাদ, যোৰহাট:
 সব্যসাচী প্ৰকাশৰ দ্বাৰা প্ৰকাশিত মিনাক্ষী শইকীয়া বৰাৰ গল্প সংকলন ‘নিৰ্জনতাত নিজৰমুখ’ দেওবাৰে উন্মোচন কৰা হয়। যোৰহাট জিলা সাহিত্য সভাৰ ডঃ নবীন চন্দ্ৰ বৰদলৈ স্মৃতি সদনত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক আকাশ দীপ্ত ঠাকুৰে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰবীণ সাংবাদিক, পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামী, বিশিষ্ট সমালোচক, লেখক অৰ্ণৱ শইকীয়া আৰু বিশিষ্ট লেখক তথা সৰ্বোদয় মহাবিদ্যালয়ৰ অধ্যাপক ডঃ নমিতা বৰুৱা।লেখিকা মিনাক্ষী শইকীয়া বৰাৰ শাহু সুষমা শইকীয়াই বন্তি প্ৰজ্জ্বলেনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোৰ আঁত ধৰে প্ৰাঞ্জল কুমাৰ খাউণ্ডে। অনুষ্ঠানৰ মাজতে প্ৰজ্ঞা শইকীয়াই হীৰেন ভট্টাচাৰ্যৰ এটা মনোগ্ৰাহী কবিতা পাঠ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।  উক্ত অনুষ্ঠানত উপস্থিত থাকে লেখিকা পূণ্য দেৱী, ড০ অদিতী ভট্টাচাৰ্য, সমালোচক, লেখক হেমচন্দ্ৰ শইকীয়া, প্ৰাক্তন প্ৰশাসনিক বিষয়া তনুজ গোস্বামী, চিকিৎসক ডাঃ প্ৰাঞ্জলজ্যোতি দত্ত আদি  কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

No comments