Breaking News

বটদ্ৰৱাৰ উচ্ছেদ অভিযানত নামি পৰিছে ৬শতাধিক আৰক্ষীৰ বিশাল বাহিনী ।


ডিজিটেল সংবাদ,বটদ্ৰৱা.....এই বাৰ উচ্ছেদ অভিযান বটদ্ৰৱাত । বটদ্ৰৱাৰ উচ্ছেদ অভিযানত নামি পৰিছে ৬শতাধিক আৰক্ষীৰ বিশাল বাহিনী । ৰাতিপুৱাৰে পৰা বটদ্ৰৱাত নগাঁও জিলা প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিবব ৯৮৫ বিঘা চৰকাৰী ভূমি। বৃহৎ সংখ্যক প্ৰশাসনিক বিষয়া আৰু আৰক্ষী বিষয়া ৰ উপস্থিতি অব্যাহত থকা এই উচ্চেদ অভিযান বৰ্তমানলৈকে শান্তিপূৰ্ণ চলি আছে।আজি ভুমুৰাগুৰি চৰণ সংৰক্ষিত অঞ্চল, জামাই বস্তি, ৰামপুৰ আৰু কাদামনি অঞ্চলত উচ্ছেদ অভিযান চলাব। উক্ত অঞ্চলৰ বেদখলকাৰীসকলে ৯৮০ বিঘাতকৈও অধিক ভূমি দখল কৰিছে। জিলা প্ৰশাসনৰ বিষয়াসকলৰ মতে, প্ৰায় ১,০০০ অভিযুক্ত বেদখলকাৰী পৰিয়ালে অক্টোবৰত জাননী লাভ কৰি তেওঁলোকক মাটি পৰিষ্কাৰ কৰিবলৈ আহ্বান জনাইছিল। অসামৰিক প্ৰশাসন আৰু আৰক্ষীয়ে উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে আৰু ঘটনা অবিহনে আগবাঢ়ি যোৱাটো নিশ্চিত কৰিবলৈ সকলো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিছে।

No comments